গহপুৰত কংগ্ৰেছৰ যোগদান সভা : বিজেপি-কিষাণ মৰ্চাৰ প্ৰাক্তন নেতা-কৰ্মীৰ যোগদান

অৱসৰপ্ৰাপ্ত মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তসহ ১১ গৰাকীৰ কংগ্ৰেছ দলত যোগদান
গহপুৰত কংগ্ৰেছৰ যোগদান সভা : বিজেপি-কিষাণ মৰ্চাৰ প্ৰাক্তন নেতা-কৰ্মীৰ যোগদান

ডিজিটেল সংবাদ,ছয়দুৱাৰ : গহপুৰত বুধবাৰে কংগ্ৰেছৰ এখন যোগদান সভা অনুষ্ঠিত কৰা হয়। এই সভাত ভালেসংখ্যক প্ৰাক্তন বিজেপি নেতা-কৰ্মীয়ে কংগ্ৰছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে।

এই সভাত ১ নং চন্দামাৰী বঙালী নিবাসী তথা ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তই বিজেপি দল ত্যাগ কৰাৰ পিছত আজি তেওঁ আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। গহপুৰৰ কনকলতা ভৱনত আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এখন যোগদান সভাত হেমন্ত বিজয় মহন্তসহ মুঠ ১১ গৰাকী বিজেপি দলৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।

বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাখনত উদ্দেশ্য বাখ্যা কৰে পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি যতীন বৰাই। তেওঁ আজিৰ এই দিনটো গহপুৰ কংগ্ৰেছৰ বাবে এটা ঐতিহাসিক দিন বুলি উল্লেখ কৰি গহপুৰ কংগ্ৰেছে আজিৰ পৰা এগৰাকী উপযুক্ত নেতা লাভ কৰা বুলি মন্তব্য কৰে।

বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হেমন্ত বিজয় মহন্তৰ দৰে এগৰাকী কৰ্মদক্ষ নেতাৰ নেতৃত্বত গহপুৰ কংগ্ৰেছে এক শক্তিশালী গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। এই সন্দৰ্ভত যতীন বৰাই কয় যে বিজেপিৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি-অনিয়মত অতিষ্ঠ হৈ কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈছে বিজেপিৰ বহু নিষ্ঠাবান নেতা কৰ্মী।

ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ৰাম কুমাৰ প্ৰধানে আঁত ধৰা সভাখনত হেমন্ত বিজয় মহন্তৰ উপৰি বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতা তথা পশ্চিম ছয়দুৱাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক,সভাপতি, বিশ্বনাথ জিলা বিজেপিৰ উপ সভাপতি আৰু বিশ্বনাথ জিলা অ বি চি মৰ্চাৰ সভাপতি ইন্দ্ৰ সন্দিকৈয়ে কংগ্ৰেছত যোগদান কৰে।

লগতে পশ্চিম ছয়দুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত গোস্বামী,কিষাণ মৰ্চাৰ সভাপতি অমৰ সিং,জ্যেষ্ঠ বিজেপি নেতা নৱীন ভড়ালী,যুৱ বিজেপি কৰ্মী খগেন বৰা আৰু মানস হাজৰিকাসহ মুঠ ১১ গৰাকীয়ে কংগ্ৰেছ দলত যোগদান কৰে।

উল্লেখযোগ্য যে আজি যোগদান কৰা সকলৰ ভিতৰৰ ইন্দ্ৰ সন্দিকৈ আৰু জয়ন্ত মহন্তই বিজেপিৰ নিশকতীয়া অৱস্থাৰ পৰা প্ৰায় ডেৰ দশক ধৰি দলীয় সাংগঠনিক কাম কৰি গহপুৰত বিজেপিৰ পতাকা ধৰি ৰাখিছিল। বিজেপি দলটোৰ কাৰণে অশেষ ত্যাগ স্বীকাৰ কৰি অহা উক্ত দুই জ্যেষ্ঠ নেতা পৰবৰ্তী সময়ত দলীয় ভাবে অতি দুখলগাকৈ এলাগী হ'ল।

যাৰ বাবে তেওঁলোকে ৰাজনৈতিকভাৱে এখন মঞ্চৰ অভাৱ অনুভৱ কৰি আজি হেমন্ত বিজয় মহন্তৰ সৈতে যোগদান কৰে। যোগদান কৰা আটাইকেইগৰাকীক গহপুৰ কংগ্ৰেছে সন্মানসহকাৰে দললৈ আদৰণি জনোৱাৰ লগতে কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰে।

উক্ত সভাত ভাষণ প্ৰদান কৰি অৱসৰপ্ৰাপ্ত মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্তই কয় যে ব্যক্তিগত লাভালাভৰ বাবে ৰাইজৰ ক্ষতি হোৱা কাম তেওঁ কেতিয়াও নকৰে। আজিৰে পৰা তেওঁ নিষ্ঠা আৰু সততাৰে কংগ্ৰেছ দলৰ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ভাষণ প্ৰসংগত তেওঁ আজিৰে পৰা গহপুৰ কংগ্ৰেছৰ সকলো নেতা-কৰ্মী আৰু সমৰ্থকক দুগুণ উৎসাহেৰে দলটোৰ বাবে আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। নিষ্ঠা, সততা আৰু শৃংখলাবদ্ধতাৰে আগবাঢ়ি গ'লে প্ৰতিটো ক্ষেত্ৰত সফলতা পোৱা যায় বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে ২০২০ চনৰ ৩১ অক্টোবৰত মুখ্য কৰ আয়ুক্ত হিচাপে চাকৰি জীৱনৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰাৰ পিছত হেমন্ত বিজয় মহন্তই সেই বৰ্ষৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত বিজেপি দলত যোগদান কৰি দলটোৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ লগত জড়িত হৈ পৰিছিল যদিও পিছলৈ তেওঁ দলটোৰ মজিয়াত এলাগী হৈ পৰিছিল।

ইপিনে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৰিপুন বৰা উক্ত নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰে। ইয়াৰ পিছতে নেতা বিহীন হৈ পৰে গহপুৰ কংগ্ৰেছ।

এনে সময়তে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হেমন্ত বিজয় মহন্তৰ দৰে এগৰাকী প্ৰভাৱশালী ব্যক্তিৰ আগমনে গহপুৰ কংগ্ৰেছৰ শিৱিৰত যথেষ্ট আশাৰ সঞ্চাৰ ঘটোৱা পৰিলক্ষিত হৈছে। উক্ত যোগদান সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জুৱে অংশগ্ৰহণ কৰি নৱাগত সকলক দললৈ আদৰণি জনায়।

গহপুৰত কংগ্ৰেছৰ যোগদান সভা : বিজেপি-কিষাণ মৰ্চাৰ প্ৰাক্তন নেতা-কৰ্মীৰ যোগদান
অপ্ৰতিৰোধ্য ৱাৰ্ণাৰ,স্মিথৰ বেটত ৰান : সন্তোষজনক স্ক'ৰৰ দিশে কেংগাৰু বাহিনী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in