/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
ডিজিটেল, নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত প্ৰতিখন শাখা সভাক সংশ্লিষ্ট অঞ্চলস্থিত সাহিত্য- সংস্কৃতি-ক্ৰীড়া- অৰ্থনীতি-শৈক্ষিক-সামাজিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা লগতে শিপিনী, ৰোৱনী তথা অশীতিপৰ ব্যক্তিসকলৰ ঘৰলৈ গৈ শুভেচ্ছা জ্ঞাপনেৰে পহিলা ব’হাগৰ দিনটো ‘নিজৰ দিন’ হিচাপে পালন কৰিবলৈ আহ্বান জনায়।
নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই সন্দৰ্ভত কয় যে শুভেচ্ছা জ্ঞাপন কৰিবলগীয়া ব্যক্তিসকলক এই বিষয়ে আগতীয়াকৈ চিঠিৰে অৱগত কৰি শাখা সভাৰ বিষয়ববীয়াসকলে এই মহতী অনুষ্ঠান ৰূপায়ণ কৰিব। জিলাখনৰ আঢ়ৈশৰো অধিক ব্যক্তিক এই দিনটোত সাদৰ শুভেচ্ছা জ্ঞাপন কৰা হ’ব।
বিজ্ঞপ্তিটোত লগতে উল্লেখ কৰে যে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগতো পহিলা ব’হাগত নিজৰ দিন আৰু কুমাৰ ভাস্কৰ বৰ্মা স্মৃতিদিৱস পালন কৰা হ’ব। পুৱাৰ ভাগত বিশিষ্ট দন্ত চিকিৎসক কৰুণাকান্ত কলিতা, নলবাৰী মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক চক্ৰেশ্বৰ তালুকদাৰ, অৱসৰীয়া শিক্ষক যতীন্দ্ৰনাথ শীল, বিশিষ্ট সমাজসেৱক খগেন্দ্ৰ নাৰায়ণ চৌধুৰী, অৱসৰীয়া শিক্ষয়িত্ৰী চকিনা বেগম, অৱসৰীয়া শিক্ষক বাবুল চন্দ্ৰ বৰ্মন আৰু বিশিষ্ট চিকিৎসক অনিল তালুকদাৰৰ ঘৰলৈ গৈ সাদৰ শুভেচ্ছা জ্ঞাপন কৰা হ’ব ।
ইয়াৰ পাছতে ৰাজেন্দ্ৰ চৌধুৰী ভৱনত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডঃ লীনা ডেকাৰ পৌৰোহিত্যত হ’বলগীয়া কুমাৰ ভাস্কৰ বৰ্মা স্মৃতিচাৰণ আৰু বক্তৃতানুষ্ঠানত উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোৱিন্দ কলিতাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ ল’ব অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মাই ।
দিছপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অজিত প্ৰসাদ শৰ্মাই ‘অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কুমাৰ ভাস্কৰ বৰ্মাৰ অৱদান’ শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰিব ।
Also Read: পৰম্পৰা ৰক্ষা কৰি লামডিংত চড়ক পূজা পালন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us