পৰম্পৰা ৰক্ষা কৰি লামডিংত চড়ক পূজা পালন

চড়ক পূজা উপলক্ষে লামডিঙত শুকুৰবাৰে এক আনন্দৰ পৰিবেশৰ সৃষ্টি হয়
পৰম্পৰা ৰক্ষা কৰি লামডিংত চড়ক পূজা পালন

ডিজিচেল সংবাদ, লামডিংঃ লামডিং BMB স্কুলৰ মাঠত অনুষ্ঠিত কৰা হয় চড়ক পূজা। পূজাৰী দেৱাশিৰ কৰে এই পূজা সম্পন্ন কৰে ৷ তেওঁ প্ৰতি বছৰে ত্ৰিপুৰা ধৰমনগৰ কদমতলা পৰা পূজা পৰ্ব সম্পন্ন কৰিবলৈ আহে বুলি জানিবলৈ দিয়ে ৷

পৰম্পৰা ৰক্ষা কৰি আনুমানিক ৫০ বছৰ ধৰি এই চড়ক পূজাৰ আয়োজন কৰা হয় ৷ পূজাৰীয়ে জানিবলৈ দিয়া মতে চড়ক পূজাত হৰগৌৰীৰ পূজা কৰা হয় ৷ এই পূজাত বেল গছক পূজা কৰা হয় বুলি জনায় ৷

চড়ক পূজা উপলক্ষে লামডিঙত শুকুৰবাৰে এক আনন্দৰ পৰিবেশৰ সৃষ্টি হয় ৷ তাত অনুষ্ঠিত শিৱ,পাৰ্বতী, কালি দূৰ্গা সকলো দেৱ দেৱীৰ নৃত্যই উপস্থিত থকা ভক্তসকলক আমোদ দিয়ে। চ'ত মাহৰ শেষৰ দিনা চড়ক পূজা অনুষ্ঠিত হয় ৷

লোকবিশ্বাস অনুসৰি সনাতন ধৰ্মালম্ৱী লোকসকলে বিশেষ মাহ হিচাপে চ'ত মাহত শিৱৰ আৰধনা কৰে ৷ সম্পূৰ্ণ এটা মাহ নীতি নিয়ম অনুসৰি শিৱক আৰাধনা কৰে ৷ পূজাৰ দিনা চড়ক গছত স্থাপন কৰা কাঠৰ চকৰিত পিঠিত লোহাৰ বৰশি ফুটুৱাই ওলমি থকাৰ ওপৰিও মুখমণ্ডলৰ গাল জীভাত লোহাৰৰ বৰশি বিন্ধাই ৰাখে ৷

পূজা উপলক্ষে সন্ন্যাসীৰ লগতে শিৱ পাৰৱৰ্তী কালি দূৰ্গা গোসানী ৰূপত ভাও লৈ ঢোল-কাহ বজাই তেওঁলোকে ঘৰে ঘৰে তথা ৰাজপথত ঘূৰি ‘গাজন’ৰ গীত গায় আৰু নৃত্যগীত পৰিবেশন কৰে। উল্লেখ্য যে, অতীজৰ পৰাই ভক্তসকলে এই বিশেষ শক্তিৰ পূজা চড়ক পূজা পৰম্পৰা ৰক্ষা কৰি অহাৰ উপৰিও বহু বছৰ ধৰি প্ৰচলিত হৈ আহিছে ৷

পৰম্পৰা ৰক্ষা কৰি লামডিংত চড়ক পূজা পালন
ধেমাজিত পথ দুঘৰ্টনা : দুজন নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in