নগাঁৱত সুৰেশ বৰাৰ হৈ আইমী বৰুৱাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ...

নগাঁৱত সুৰেশ বৰাৰ হৈ আইমী বৰুৱাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ...

ডিজিটেল সংবাদ, জাগীৰোডঃ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰাই ভাৰতবৰ্ষত উন্নয়নৰ নতুন গতি আৰম্ভ হৈছে। তদুপৰি বিশ্বত ভাৰতবৰ্ষ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিচিত হৈছে। এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ আগন্তুক লোকসভা নিৰ্বাচনত পদুমৰ ছবিত ভোট দিয়ক। পদুম ফুলত দিয়া প্ৰতিটো ভোটেই নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হোৱাত সহায় কৰিব। দেশ আৰু জাতিৰ স্বাৰ্থত বিজেপিক ভোট দিয়াটো জৰুৰী। " আজি জাগীৰোড সমষ্টিৰ সাতখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই এনেদৰে কয়।

মন্ত্ৰী পীয়ূষ হাজৰীকাৰ সহধৰ্মিণী অভিনেত্ৰী আইমী বৰুৱাক লগত লৈ বহা বৰজাৰী, জাগীভকত গাওঁ, ঘগুৱা, গড়মাৰী, এজাৰবাৰী,মানিপুৰ আৰু গছৰগুৰি ত সাতখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই। যথেষ্ট জনসমাগত হোৱা প্ৰতিখন সভাতে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে অসমতো বিজেপি চৰকাৰৰ দিনত চমকপ্ৰদ উন্নয়ন হৈছে আৰু এই ধাৰা অব্যাহত ৰাখিবলৈ বিজেপিক ভোট দিয়াটো জৰুৰী। জাগীৰোড সমষ্টিৰ লোকেও পীয়ূষ হাজৰীকা নিৰ্বাচিত হোৱাৰ পিছৰে পৰাই ভাবিব নোৱাৰা উন্নয়ন হোৱা বুলি দাবী কৰে। তেওঁ কয় যে জাগীৰোডত স্থাপন হ'ব লগীয়া সাতাইছ হাজাৰ কোটি টকাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পটো তাৰ অন্যতম উদাহৰণ, যত ত্ৰিশ হাজাৰ নিবনুৱাই সংস্থাপন লাভ কৰিব। মথাউৰি নিৰ্মাণ কৰি মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীয়ূষ হাজৰিকাই মৰিগাওঁ জিলাত বানপানী নোহোৱা কৰিলে।

ৰাইজৰ উৎসাহ দেখি তেওঁ এইবাৰ নগাঁও লোকসভাৰ আসন বিজেপি দলে দখল কৰিব বুলি দাবী কৰে। আনহাতে সভাত ভাষণ দি অভিনেত্ৰী আইমী বৰুৱাই কয় যেবিজেপি চৰকাৰৰ শাসনত অসমৰ লগতে জাগীৰোড সমষ্টিৰ চুকে কোনে উন্নতি হৈছে। সমষ্টিৰ ৰাইজ আমাৰ পৰিয়াল দৰে। আমাৰ দৰে আপোনালোকে সুৰেশ বৰাকো মৰম কৰিব। সভা সমুহত ৰাইজৰ উপস্থিতিয়ে কয় সকলোৱেই যেন বিজেপিক ভোট দিবলৈ নিৰ্দিষ্ট দিনটোলৈ ৰৈ আছে।

আজিৰ সভাত জাগী ভকতগাঁও মণ্ডল বিজেপিৰ সভানেত্ৰী মল্লিকা বৰদলৈ , বিজেপিৰ মৰিগাঁও জিলাৰ উপ-সভাপতি অশোক ডেকা , মৰিগাঁও জিলা নিৰ্বাচনী সমিতিৰ সভাপতি দুষ্মন্ত হাজৰিকা , শৰৎ ডেকা, প্ৰদেশ কমিটীৰ প্ৰাক্তন উপ-সভাপতি নবীন বৰদলৈ , জ্যেষ্ঠ বিজেপি কৰ্মী বোধন কোঁৱৰ ডাঙৰীয়া, প্ৰাক্তন ৰাজ্যিক সদস্যা তৃপ্তি বণিয়া ডাঙৰীয়ানী, জাগী ভকতগাঁও মণ্ডলৰ উপ-সভাপতি মুনীন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক প্ৰসন্ন ডেকা, জাগীৰোড সমষ্টিৰ প্ৰভাৰী দিব্যজ্যোতি মেধি, মন্ত্ৰী পীযূষ হাজৰিকা ডাঙৰীয়াৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেক, দেৱাশীষ বৰুৱা আৰু মৃগেন মিশ্ৰৰ লগতে বিজেপিৰ নেতা সকলে।

নগাঁৱত সুৰেশ বৰাৰ হৈ আইমী বৰুৱাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ...
৩২০ নম্বৰ স্থানত UPSC ত উজ্বলিল তেজপুৰৰ ইশ্বৰী ডেকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in