নগাঁৱত বিশুদ্ধ খোৱা পানীৰ নামত ভেজাল পানীৰ অবৈধ বজাৰ...

নগাঁৱত বিশুদ্ধ খোৱা পানীৰ নামত ভেজাল পানীৰ অবৈধ বজাৰ...

ডিজিটেল সংবাদ ,বেবেজীয়াঃ ঠাণ্ডাৰ দিন কেইটাৰ তুলনাত গৰমৰ দিন কেইটাত সৰ্বাধিক চাহিদা বৃদ্ধি পোৱা সামগ্ৰীবিধেই হৈছে পানী । প্ৰচণ্ড গৰমত তৃষ্ণা দূৰ কৰিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে বিচাৰে অকণমান বিশুদ্ধ খোৱা পানী । সেয়ে গৰিষ্ঠ সংখ্যক মানুহৰে প্ৰথম পচন্দ হৈ পৰে বজাৰত বিশুদ্ধ খোৱা পানী বুলি বিক্ৰীৰ বাবে ৰখা পানীৰ বটল সমূহ । বৰ্তমান এই পানীৰ বটল সমুহ দোকানত আধা লিটাৰৰ পৰা বিশ লিটাৰলৈকে উপলদ্ধ ।

সাধাৰণতে বিশ লিটাৰৰ কেনত উপলব্ধ পানী সমূহ বেছিকৈ ব্যৱহাৰ হয় মানুহৰ ঘৰৰ লগতে বিয়া-সবাহ বা ৰাজহুৱা অনুস্থান,উৎসৱ আদিত । কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে মানুহে সংকোচ বিহীন ভাৱে পান কৰা বিশ লিটাৰৰ কেনত উপলব্ধ এই খোৱা পানীৰ এখন অবৈধ বজাৰ ইতিমধ্যে চলি আছে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত । নগাঁও চহৰৰ লগতে বিভিন্ন গ্ৰামাঞ্চলৰ একাংশ দোকানত এতিয়া তেনেই সুলভ এই সমূহ ভেজাল পানী ।

যিয়ে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি । বিশুদ্ধ খোৱা পানী বুলি বজাৰত মুকলি কৰি দিয়া এই পানী সমূহ কোনে ক'ত কেনেকৈ প্ৰস্তুত কৰিছে বা এই পানী প্ৰস্তুত বা পেকেজিঙৰ যাৱতীয় অনুমতি বা অনুজ্ঞাপত্ৰ আছেনে নাই সেই কথা সৰ্বসাধাৰণ ৰাইজে জনাৰ কোনো উপায় নাথাকে । কাৰণ বিশ লিটাৰৰ পানীৰ কেন সমূহৰ প্ৰায়বোৰ কেনতেই পানী প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানটোৰ কোনো লেবেল নাথাকে । ইয়াৰ উপৰিও একাংশ প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানটোৰ নাম এটা লিখা থাকিলেও তেওঁলোকৰ আকৌ নাই বৈধ নথি-পত্ৰ । পানী ভৰাই বিক্ৰীৰ দোকান সমূহত ৰখা কেন সমূহো অতি পুৰণি । ইয়াৰ উপৰিও সেই পানী সমূহৰ ৰং কেইটামান দিনৰ ভিতৰতেই সলনি হৈ পৰে বুলিও অভিযোগ উঠিছে ।

ইতিমধ্যে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে গঢ়ি উঠা বিশুদ্ধ খোৱা পানী পেকেজিঙৰ এনে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন । নগাঁও চহৰৰ লক্ষীনগৰ ,খুটিকটীয়া আদি অঞ্চলত প্ৰশাসনে চলোৱা অভিযানত কেইবাটাও অবৈধ তেনে উদ্যোগৰ কথা পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে ।

আজিও প্ৰশাসনৰ এই অভিযান অব্যাহত আছে জিলাখনৰ ভিন্ন প্ৰান্তত । নগাঁৱৰ লাওখোৱা পথ, বেঙেনাআটি, ৰূপহী,জুৰীয়া, মিলনপুৰ,শেনচোৱা, লক্ষীনগৰ,ৰহা, কামপুৰ, খুটিকটীয়াকে আদি কৰি অসংখ্য স্থানত এনে উদ্যোগ প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু গৰিষ্ঠ সংখ্যকৰে নাই বৈধ নথি বা অনুজ্ঞাপত্ৰ । ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে তেনে কেইবাটাও প্ৰতিষ্ঠান বন্ধ কৰিছে বুলি জনোৱাৰ লগতে এই অভিযান ধাৰাবাহিকভাৱে চলি থাকিব বুলি জানিবলৈ দিছে নগাঁও যোগান বিভাগৰ দায়িত্বত অতিৰিক্ত উপায়ুক্ত সৌভিক ভূঞাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in