/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3c01e6b4-ce07-4db7-b377-8ed232e6b9b4/amii.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাৰ স্ত্ৰী শিক্ষাৰ প্ৰায় শতবৰ্ষ গৰকা অগ্ৰণী শিক্ষানুষ্ঠান- নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দেঁওবাৰে ''প্ৰাক্তন ছাত্ৰী সমাৰোহ-২০২২', শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান সম্পন্ন হয়।'প্ৰাক্তন ছাত্ৰী সংস্থা-২০২২' ৰ দ্বাৰা বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠান নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ স্বপ্না নেওগ বৰা, উপ-সভানেত্ৰী ববিতা শইকীয়া, অধ্যক্ষা ৰীতা কাকতি, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা শিক্ষয়ত্ৰী ৰত্নমালা শইকীয়া, বন্তি গোস্বামী বৰা প্ৰমুখ্যে প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ভালে সংখ্যক প্ৰাক্তন ছাত্ৰীৰ স্মৃতি-ৰোমন্থন, সংগীত, নৃত্য-আবৃত্তি পৰিৱেশনেৰে জীপাল হৈ উঠে।
অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই বিদ্যালয়খনৰ পুৰণি হৈ যোৱা বিজ্ঞান ভৱন, ছাত্ৰী আৱাস দুটিৰ নৱনিৰ্মাণকে ধৰি সৰ্বাঙ্গীন দিশৰ উন্নতিৰ হকে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে প্ৰাক্তন ছাত্ৰী সুকন্ঠী গায়িকা কুইন দাসৰ সঙ্গীত পৰিৱেশন আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ প্ৰেৰণাদায়ক ভাষণেও অনুষ্ঠানটোক অধিক মনোজ্ঞ আৰু গাম্ভীৰ্যপূৰ্ণ কৰি তোলে।
অনুষ্ঠানত উপস্থিত থকা সকলো প্ৰাক্তন ছাত্ৰীয়ে বিদ্যালয়খনৰ উন্নতিৰ হকে কাম কৰি যোৱাৰ বিস্তৃত আঁচনি গ্ৰহণ কৰে। উল্লেখযোগ্য যে এই সমাৰোহতে আগন্তুক বৰ্ষৰ ১ আৰু ২ এপ্ৰিলৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বিস্তৃত কাৰ্যসূচী হাতত লোৱাৰো পৰিকল্পনা কৰিছে।
আৰু পঢ়ক: ছাত্ৰ বৃত্তি কেলেংকাৰী; আটক বৰপেটাৰ জনপ্রিয় মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষ