মক্কাত হজত গৈ অকাল মৃত্যুক সাবটি ললে ইউনূছ আলীয়ে

মক্কাত হজত গৈ অকাল মৃত্যুক সাবটি ললে ইউনূছ আলীয়ে
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : সুদূৰ মক্কাৰ পৰা আহিল এক দুঃসংবাদ। নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ আলিটাঙনী নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ইউনুছ আলী হঠাৎ অসুস্থ হৈ শনিবাৰে মৃত্যু মুখত পৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। স্থানীয় ২৬৫ নং আলিটাঙনী এল পি স্কুলৰ প্ৰধান শিক্ষক পদৰ পৰা ২০১৫ চনতে অৱসৰ গ্ৰহণ কৰা ইউনুছে ইছলাম ধৰ্মৰ নীতি অনুসৰি হজ সম্পন্ন কৰিবলৈ যোৱা ১০ জুনত পৱিত্ৰ মক্কা শ্বৰীফলৈ গৈছিল।

তেওঁ অহা ২০ জুলাইত অসমলৈ প্ৰত্যাৱৰ্তনৰ সময় আছিল। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বহু গুণমুগ্ধ‌ই আলিটাঙনীস্থ বাসগৃহত ভিৰ কৰাৰ লগতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

মৃত্যুৰ সময়ত ইউনূছ আলীয়ে পত্নীসহ তিনি সন্তান ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য প্ৰয়াত আলীৰ জানাজা আজিয়েই মক্কাতে সম্পন্ন হ'ব বুলি পৰিয়ালৰ লোকে জনায়।

মক্কাত হজত গৈ অকাল মৃত্যুক সাবটি ললে ইউনূছ আলীয়ে
শিৱসাগৰ দিৱস উদযাপন : ৰাজহুৱা সভাত মন্ত্ৰী ড০ ৰণোজ পেগু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in