
ডিজিটেল সংবাদ, নগাঁওঃ পাঁচ জুনত অসম অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ অন্তৰ্গত জয়ৰামপুৰৰ পানবাৰীত অৰুণাচলী বেদখলকাৰী দুৰ্বৃত্তই নিৰ্মমভাৱে গুলিচালনা কৰি বগা চুতীয়া আৰু মণিটো গগৈ নামৰ অসমীয়া লোক দুজনক হত্যা কৰে । এই লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৩ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে এই বিষয়ত স্থিতি স্পষ্ট কৰি কয় যে, "অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আন কেইবাগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংকট জনক অৱস্থাত আছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অৰুণাচলী দুৰ্বৃত্তই কৰা উক্ত নৃশংস হত্যাকাণ্ডৰ ঘটনাক তীব্ৰ ধিক্কাৰ জনাইছোঁ । দেশৰ স্বাধীনতাৰ পিছৰে পৰা অসমৰ সৈতে চুবুৰীয়া অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মেঘালয় আদি ৰাজ্যৰ সীমা বিবাদ চলি আছে আৰু বিভিন্ন সময়ত উক্ত ৰাজ্যসমূহৰ দুৰ্বৃত্তই অসমৰ মাটি বেদখল কৰিবলৈ আহি সীমান্তবাসী অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি অহৰহ ভাবুকি সৃষ্টি কৰি আহিছে ।
আনকি চুবুৰীয়া বেদখলকাৰী দুৰ্বৃত্তৰ হাতত বহু অসমীয়ালোকে প্ৰাণ হেৰুৱাইছে । কিন্তু পৰিতাপৰ বিষয় যে সুদীৰ্ঘকাল ধৰি চলি থকা চুবুৰীয়া ৰাজ্যৰ সতে অসমৰ সীমা বিবাদ সমাধান কৰাৰ বাবে অসম ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে অসম চৰকাৰক সুদীৰ্ঘ সময় ধৰি দাবী জনাই অহাৰ পিছতো চৰকাৰে এই সমগ্ৰ বিষয়টোত উদাসীনতা প্ৰদৰ্শন কৰি আহিছে । যাৰ পৰিণতিত অসংখ্য অসমীয়াই প্ৰাণ দিব লগা হৈছে ।"
বিগত ৫ জুনত সংঘটিত ঘটনাত নিহত দুয়োগৰাকী ব্যক্তিৰ পৰিয়ালক চৰকাৰী সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দাবী জনাইছে । ইয়াৰ লগতে অনতি বিলম্বে অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ সতে থকা সীমা বিবাদ অসমৰ মাটি উক্ত ৰাজ্য সমূহক এৰি নিদিয়াকৈ নিষ্পত্তি কৰাৰ দাবীত আজি নগাঁও জিলা সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দিগন্ত দাসৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ পৰা প্ৰায় শতাধিক নেতা কৰ্মী উপস্থিত থাকে ।