/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1784a336-285b-4857-9235-7a064362fe6d/golaghat_protest.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে। যোৱা ৫ জুন তাৰিখে ধেমাজি জিলাৰ পানবাৰীত বৃক্ষ ৰোপন কৰি থকা অৱস্থাত অৰুণাচলৰ দুৰ্বৃত্তই ২ জন লোকক গুলিয়াই হত্যা কৰাৰ লগতে কেইবাজনো ব্যক্তিক আঘাতপ্ৰাপ্ত কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এই কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদকাৰীসকলে চুবুৰীয়া ৰাজ্যসমূহৰ সীমা সমস্যা সমাধান কৰক, অৰুণাচলী দুৰ্বৃত্তৰ দাদাগীৰি নচলিব, ৰাজ্য চৰকাৰ হাই হাই, সীমা অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰক, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান দিআকাশ বতাহ কঁপাই তোলে।
উক্ত প্ৰতিবাদত জিলা সমিতিৰ সভাপতি নীকুঞ্জ মেধি সাধাৰণ সম্পাদক ৰাজীৱ দাসকে ধৰি প্ৰায় শতাধিক কৰ্মী উপস্থিত থাকে। শেষত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।
Also Read: উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কপহুৱাৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান...