যুৱ লেখক গৌৰাংগ বৰা লৈ প্ৰবন্ধ সৌৰভ বঁটা...

যুৱ লেখক গৌৰাংগ বৰালৈ আগবঢ়োৱা হৈছে "প্ৰবন্ধ সৌৰভ বঁটা"

author-image
Asomiya Pratidin
New Update
যুৱ লেখক গৌৰাংগ বৰা লৈ প্ৰবন্ধ সৌৰভ বঁটা...

ডিজিটেল সংবাদ, বেবেজীয়া: যুৱ লেখক গৌৰাংগ বৰালৈ আগবঢ়োৱা হৈছে "প্ৰবন্ধ সৌৰভ বঁটা"। সাহিত্য সাংস্কৃতিক অনুষ্ঠান সাধনা সাহিত্য গোষ্ঠীয়ে আয়োজন কৰা গ্ৰন্থ প্ৰতিযোগিতাত প্ৰবন্ধ শিতানত যুৱ লেখক বৰাৰ গদ্য লেখা গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়াইছে।

যুৱ লেখক গৌৰাংগ বৰাৰ ইতিমধ্যে "এজন নষ্ট প্ৰেমিকৰ দিনলিপি", "গদ্য লেখা" তথা সাধু কথা গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে কেইবাখনো নাটক ৰচনা কৰি সাহিত্য জগতত খোজ দিছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্র গৌৰাংগ বৰা সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰূপান্তৰৰ প্ৰধান সম্পাদক। উল্লেখ্য যে, এপ্রিল মাহৰ শেষৰ ফালে নলবাৰীত এই বঁটা প্ৰদান কৰিব।

Also Read: গীতিকাৰ সূৰ্য কুমাৰ ৰাজাক কিশলয় সাংস্কৃতিক গোষ্ঠীৰ বিশেষ সন্মান...

youth award assam nagaon