/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2ae08686-6490-46ff-88a5-984e3a94190a/WEB_THUM_Unmuchan.jpg)
ডিজিটেল সংবাদ, নগাঁও : কেনে আছে গীতিকাৰ সূৰ্য কুমাৰ ৰাজা ? সুৰসূৰ্য উপাধিৰে বিভূষিত নগঞাৰ গীতিকাৰ গৰাকী পৰিচয় আৰু নতুন কৈ দিয়াৰ প্ৰয়োজন নাই। চাৰিশৰো অধিক অসমীয়া কালজয়ী গীতৰ স্ৰষ্টা গৰাকীৰ যেন সময়ৰ সোঁতত হেৰাইছে।
১৯৫৩ চনত নগাঁও জিলাৰ ৰাইদঙ্গীয়াৰ ৰজাগাঁৱত জন্মগ্ৰহণ কৰা গীতিকাৰ তথা সংগীত প্ৰযোজক গৰাকীয়ে "কিনো মায়াৰে মোক", "তুমি আহিবা বুলি", "অহাৰ দৰে উভতি আঁতৰি গ'লা", "অ' চেনাই শুনিছনে নাই", "মেলি দিলো দুয়ো হাত" আদিকে ধৰি ৰচনা কৰিছিল ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত
অসমীয়া সংগীত জগতৰ এইগৰাকী পুৰোধাক সন্মান যাচিছে নগাঁৱৰ কিশলয় নামৰ এটি অনুষ্ঠানে। গীতিকাৰ গৰাকীৰ জীৱন আৰু কৃতিক সামৰি কিশলয় সাংস্কৃতিক গোষ্ঠীয়ে এখন গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে। "হৃদয়ৰ মৌবন" নামৰ উক্ত অভিনন্দন গ্ৰন্থখনি দেওবাৰে নগাঁৱত উন্মোচন কৰা হয় ।
উজ্বল জ্যোতি দাস আৰু ৰেকিবুদ্দিন আহমদ হাজৰিকাই সম্পাদনা কৰা এই গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি ড৹ নন্দ সিং বৰকলাই । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত গীতিকাৰ সূৰ্য কুমাৰ ৰাজা, লেখক-সাংবাদিক বিদ্যুত কুমাৰ ভূঞাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Also Read: বিষাক্ত কাঠফুলা খাই এজনৰ মৃত্যু...