কলিয়াবৰৰ চাহ বাগিচাত হাতে-হাতে মাৰণাস্ত্ৰ লৈ যুৱকৰ মুক্ত বিচৰণ

অভিযানৰ সময়ত আৰক্ষীয়ে দুজন অস্ত্ৰধাৰী যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
কলিয়াবৰৰ চাহ বাগিচাত হাতে-হাতে মাৰণাস্ত্ৰ লৈ যুৱকৰ মুক্ত বিচৰণ

ডিজিটেল সংবাদ,কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰ চাহ বাগিচাৰ এক এলেকাত মাৰণাস্ত্ৰসহ যুৱকৰ মুক্ত বিচৰণ কৰাৰ খবৰ প্ৰকাশ হোৱাৰ পিছতেই অস্ত্ৰধাৰী যুৱকৰ বিৰুদ্ধে কলিয়াবৰ অভিযানৰ সময়ত আৰক্ষীয়ে দুজন অস্ত্ৰধাৰী যুবকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক দুজন হ'ল কলিয়াবৰ চাহ বাগিচাৰ কৃষ্ণ লোহাৰ আৰু কৃষ্ণ গঞ্জূ।

আৰক্ষীয়ে দুয়োকে মাৰাথান জেৰা চলাই আছে। অস্ত্ৰধাৰী যুৱকৰ দলটোত চাৰিজনীয়া সদস্য আছে বুলি জানিব পৰা গৈছে। আন দুজন সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

ইপিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অস্ত্ৰধাৰী যুৱক দুজনৰ সন্দৰ্ভত কোনো কথা সদৰি কৰা নাই। উল্লেখ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত সঘনাই ওলাই অহা গড় ,বাঘ ,হাতী ,হৰিণ আদি বিভিন্ন বন্যপ্ৰাণী বিভিন্ন সময়ত আহি কলিয়াবৰ চাহ বাগিচাৰ গাতে লাগি থকা কলিয়াবৰৰ হাতীমুৰা আৰু কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লয়।

চলিত বৰ্ষত কলিয়াবৰ চাহ বাগিচাত ঢেকীয়াপটীয়া বাঘে আশ্ৰয় লৈ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ এই সংৰক্ষিত বনাঞ্চল আৰু চাহ বাগিচাৰ সীমান্তৱৰ্তী এলেকাত হাতে-হাতে মাৰণাস্ত্ৰ লৈ ঘুৰি ফুৰাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ হৈছিল।

উল্লেখ যে উক্ত অঞ্চলটো বনৰীয়া গাহৰিৰ মুক্ত বিচৰণস্থলী। এই এলেকাত বহু বনৰীয়া গাহৰি সততে দেখিবলৈ পোৱা যায় বুলি জানিবলৈ দিয়ে। এই এলেকাত প্ৰায়ে বনৰীয়া গাহৰি আৰু হৰিণ নিধন কৰাৰ খবৰো শুনা পোৱা বুলি এক সূত্ৰত প্ৰকাশ।

স্থানীয় এক সূত্ৰই জনোৱা মতে কিছুদিন পূৰ্বে কাজিৰঙাৰ এই এলেকাত এটা বনৰীয়া হাতী আৰু এটা গড়ৰ মৃতদেহ উদ্ধাৰ হৈছিল। এতিয়া আৰক্ষীয়ে অস্ত্ৰধাৰী যুৱকৰ দলটোৰ বিৰুদ্ধে অভিযান চলোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

কলিয়াবৰৰ চাহ বাগিচাত হাতে-হাতে মাৰণাস্ত্ৰ লৈ যুৱকৰ মুক্ত বিচৰণ
সাংসদ ধীৰাজ চাহুৰ ঘৰৰ পৰা কোটি কোটি টকা উদ্ধাৰৰ পিছত শিলচৰত বিজেপিৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in