/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e1889c64-a093-4ba5-980f-cc190300c9cf/345.jpg)
ডিজিটেল সংবাদ শিলচৰ : ঝাৰখণ্ডৰ ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদ ধীৰাজ চাহুৰ ঘৰত আয়কৰ বিভাগে অভিযান চলাই ৩০০ কোটি টকাতকৈও বেছি টকা উদ্ধাৰ কৰাৰ পিছত সমগ্ৰ দেশৰ লগতে শিলচৰতো প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে। কংগ্ৰেছী সাংসদ ধীৰাজ চাহুৰ দুৰ্নীতিৰ বিৰুদ্ধে শনিবাৰে বিজেপিৰ কাছাৰ জিলা সমিতিয়েও এক প্ৰতিবাদী সমদল উলিয়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/33e96214-d825-4eab-af46-72c94c611117/c69f4f2e_ea44_42ea_a082_9f7fe1801db8.jpg)
বিজেপিৰ জিলা কাৰ্যালয়ৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত ভাষণ দি বিজেপিৰ জিলা সভাপতি বিমলেন্দু ৰয়সহ অন্যান্য নেতা কৰ্মীসকলে কয় যে, কংগ্ৰেছ চৰকাৰে ৰাইজক প্ৰতাৰণা কৰি ৰাইজৰ ধন লুণ্ঠন কৰিছে। লগতে কংগ্ৰেছৰ ৬০ বছৰীয়া শাসন কালত মানুহৰ চুৰি হোৱা ১৫ লাখ কোটি টকা বিদেশলৈ গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8b3b76f2-3659-40de-833c-76d2e3221634/25aa6137_d1a4_4efc_b109_5ce33f4a2f9b.jpg)
লগতে কয় যে, কংগ্ৰেছ চৰকাৰ ভাৰতত থকালৈকে পাকিস্তান শক্তিশালী আছিল আৰু কংগ্ৰেছ দুৰ্বল হোৱাৰ বাবে পাকিস্তান এতিয়া দুৰ্বল হৈ পৰিছে। বৰ্তমান কংগ্ৰেছৰ পৰিস্থিতি পাকিস্তানৰ দৰেই।
প্ৰতিবাদীত সভাত বক্তাসকলে কংগ্ৰেছৰ বিভিন্ন দুৰ্নীতিৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে। প্ৰতিবাদী সমদলত কাছাৰ জিলাৰ সভাপতি বিমালেন্দু ৰয়, ৰাজ্যিক সমিতিৰ সম্পাদক কনাদ পুৰকায়স্হ, জিলা পৰিষদৰ সভাপতি অমিতাভ ৰাই, ঝলক চক্ৰৱৰ্তীকে ধৰি আৰু কেবাজনো বিজেপি কৰ্মী উপস্থিত থাকে।
Also Read: এন আৰ এলৰ মহাপ্ৰৱন্ধকৰ বিৰুদ্ধে গোপন তথ্য বাহিৰত বিক্ৰী কৰাৰ অভিযোগ