ৰঙিয়াৰ প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ প্ৰয়াত প্ৰধান শিক্ষক ভৱানন্দ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন..
ৰঙিয়াৰ প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ প্ৰয়াত প্ৰধান শিক্ষক ভৱানন্দ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন..

ৰঙিয়াৰ প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ প্ৰয়াত প্ৰধান শিক্ষক ভৱানন্দ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন..

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াৰ প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ প্ৰয়াত প্ৰধান শিক্ষক ভৱানন্দ শৰ্মাৰ স্মৃতিচাৰণ সভাখনি আজি অনুষ্ঠিত হয়। তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়।

কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো । এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰয়াত ভবানন্দ শৰ্মাৰ জীৱনৰ শৈক্ষিক জগতৰ দি থৈ যোৱা অৱদানৰ কথা আলোকপাত কৰে।

আনহাতে এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হৰেশ চন্দ্ৰ দত্ত, প্ৰাক্তন বিধায়ক অনন্ত ডেকা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা পশ্চিমপাৰ বাঘবাৰী নিবাসী প্ৰয়াত ভৱানন্দ শৰ্মা ৰঙিয়াৰ চেপ্তীস্থিত প্ৰেমদা শিৱনাথ বিদ্যাপীঠ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল। আজিৰ এই স্মৃতিচাৰণ সভাৰ কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা পৰিয়াল বৰ্গ উপস্থিত থাকে।

ৰঙিয়াৰ প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ প্ৰয়াত প্ৰধান শিক্ষক ভৱানন্দ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন..
বিশ্বনাথৰ ধুলি চাহ বাগিছাৰ ২ নং লাইনত অগ্নিকাণ্ড: ভস্মীভূত দুটা লাইন কোৱাৰ্টাৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in