কামপুৰৰ লেখিকা হেমকান্তি লস্কৰৰ বিয়োগ

কামপুৰ অঞ্চলৰ বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমকান্তি লস্কৰ (৮৭) ৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে ।

author-image
Asomiya Pratidin
New Update
কামপুৰৰ লেখিকা হেমকান্তি লস্কৰৰ বিয়োগ

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰ অঞ্চলৰ বিশিষ্ট লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী হেমকান্তি লস্কৰ (৮৭) ৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে ।

Advertisment

কামপুৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰা কৃৰ্তী শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত হেমকান্তি লস্কৰ উত্তৰ কামপুৰ অঞ্চলৰ বিভিন্ন সামাজিক তথা ধৰ্মীয় কাম-কাজৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল । কামপুৰ সাহিত্য কাননৰ সদস্যা হেমকান্তি লস্কৰে শিক্ষা দানৰ বাহিৰেও কেইবাখনো গ্ৰন্থ ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে ।

তেওঁৰ প্ৰকাশিত উল্লেখযোগ্য পুথি সমূহ হ'ল, "কলিযুগৰ মুক্তিমালা", "কবিতা কলি", "মুক্তিৰ মণি", "ভকতৰ মহিমা", "বুঢ়া ককাৰ সাধু", "জীৱনৰ ছন্দে ছন্দে", "বিয়ানাম", "ভক্তি মহাতত্বৰ দাপোন", "শংকৰদেৱ শিশুলীলা" আদি । নগাঁও জিলা সাহিত্য সভাৰ পৰা মহিলা লেখিকা হিচাপে বিশেষ বঁটা লাভ কৰা হেমকান্তি লস্কৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে যথেষ্ট সংখ্যক গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে ।

বৰ্ষীয়ান লেখিকা গৰাকীৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভা, কামপুৰ শাখা সাহিত্য সভা, কামপুৰ উন্নতি সাধিনী সভা, কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন, আৰোহণ গোষ্ঠী, ৰামধেনু গোষ্ঠী, কামপুৰ প্ৰেছ ক্লাৱ, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, নিজ কামপুৰ পঞ্চায়তৰ সভাপতি নিৰঞ্জন বৰাৰ লগতে অৰ্ধ-শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত প্ৰয়াত লস্কৰে দুগৰাকী কন্যা, চাৰি পুত্ৰৰ লগতে যথেষ্ট সংখ্যক আত্মীয় স্বজন এৰি থৈ গৈছে ।

Also Read: ইণ্ডিয়া এৰিলে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই

nagaon kampur