/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9af5a846-8bc3-47ad-b810-9118a131390f/AP_FOR_WEB_faruk.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে এটা এটাকৈ দলে লগ এৰিছে ইণ্ডিয়া এলায়েন্সৰ। পুনৰ এজন নেতাই এৰিলে ইণ্ডয়া মিত্ৰজোটক। নেচনেল কনফাৰেন্সৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই জম্মু-কাশ্মীৰৰ ৫ খন লোকসভা আসনত অকলে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে।
ফাৰুক আব্দুল্লাই কৈছে যে দলটোৱে প্ৰতিখন আসনতে অকলে প্ৰতিদ্বন্দিতা কৰিব। বিহাৰত নীতিশ কুমাৰ, উত্তৰ প্ৰদেশত জয়ন্ত চৌধুৰী, পশ্চিমবংগত মমতা বেনাৰ্জীৰ পাছত ফাৰুক আব্দুল্লাই অকলে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে।
ফাৰুক আব্দুল্লাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে। কিয়নো তেওঁ ইণ্ডিয়া মিত্ৰজোটৰ অতি বিশ্বাসী অংশীদাৰ আছিল। ফাৰুক আব্দুল্লাৰ এই সিদ্ধান্তই ইণ্ডিয়া মিত্ৰজোটত যথেষ্ঠ প্ৰভাৱ পেলাব।
আপ আৰু কংগ্ৰেছে ইতিমধ্যে ঘোষণা কৰিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত পঞ্জাৱত অকলে প্ৰতিদ্বন্দিতা কৰিব। আনহাতে আপৰ এজন বিশিষ্ট নেতাই জনোৱা অনুসৰি লোকসভাত দিল্লীৰ ৭ খন আসনত আপে প্ৰতিদ্বন্দ্বিতা কৰি এজন কংগ্ৰেছক এৰি দিব।
উল্লেখ্য যে, এপ্ৰিল- মে' মাহত হ'ব পাৰে লোকসভা নিৰ্বাচন। বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত গঠিত হৈছিল ইণ্ডিয়া মিত্ৰজোট। কিন্তু এতিয়া এটাৰ পাছত আন এটা দল ওলাই গৈছে ইণ্ডিয়া মিত্ৰজোটৰ পৰা। যদি এনে অৱস্থায়ে হৈ থাকে ইণ্ডিয়াৰ লগত তেন্তে লোকসভা নিৰ্বাচনৰ পূৰ্বে ভংগ হ'ব পাৰে ইণ্ডিয়া মিত্ৰজোট।
Also Read: মেট্ৰিক পৰীক্ষাৰ্থীক মহাপুৰুষীয়া সত্ৰ সমাজৰ শিক্ষণ সামগ্ৰী প্ৰদান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us