নগাঁৱত বিশ্ব সাধুকথা কোৱাৰ দিৱস পালন

নগাঁৱত বিশ্ব সাধুকথা দিৱস পালন

author-image
Asomiya Pratidin
New Update
নগাঁৱত বিশ্ব সাধুকথা কোৱাৰ দিৱস পালন

ডিজিটেল সংবাদ,নগাঁও : সম্প্ৰতি নিয়মীয়াকৈ প্ৰকাশিত একমাত্ৰ শিশু আলোচনী 'মৌচাক', অকণিৰ সাহিত্য সভা আৰু শিশু অনুষ্ঠান জ্যোতিষ্কৰ যুটীয়া উদ্যোগত বুধবাৰে নগাঁৱৰ ভাস্কৰ মজলীয়া বিদ্যালয়ত বিশ্ব সাধুকথা দিৱস উদযাপন কৰা হয়। অকণিৰ সাহিত্য সভাৰ সম্পাদক দ্বীপজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটিত প্ৰায় অৰ্ধ শতাধিক শিশুৱে অংশগ্ৰহণ কৰে।

Advertisment

শিশুৰ মুখত সাধুকথা শুনি আৰু "বুঢ়ী আইৰ সাধু" পুথিৰ আধাৰত ক্ষুদ্ৰ নাট পৰিৱেশনেৰে জীপাল কৰি তোলা অনুষ্ঠানটিত উপস্থিত হৈ অভিভাৱক আৰু অতিথিসকল মন্ত্ৰমুগ্ধ হৈ পৰে। শিক্ষয়িত্ৰী জুৰিমা চহৰীয়া আৰু পংকজ কুমাৰ বৰাই দুটি চিৰসেউজ গীত আৰু ছাত্ৰী যশশ্ৰী বৰাই এটি গীত পৰিৱেশন কৰে।

শিশু নিমিশা বৰাই সভাপতিত্ব কৰা অনুষ্ঠানটিত "জ্যোতিষ্ক"ৰ সভাপতি আৰু সম্পাদক ক্ৰমে সোণাৰাম বৰা আৰু দিলীপ বৰা, শিশুবন্ধু দুলাল বৰা, শিক্ষক নৱজ্যোতি মহন্ত, নজৰুল ইছলাম, হিব্‌জুৰ ৰহমান, ভদ্ৰকান্ত বৰা, দীপক বৰা, ৰাজকুমাৰ বৰা নিতুস্মিতা বৰা, নাফিমা বেগম, আশা মনি বৰা, স্বপ্না ধৰ, অভিনেতা যশোৱন্ত গোস্বামী, লেখিকা প্ৰতিভা ভাগৱতী আদি লোকসকল উপস্থিত থাকে।

Also Read: কংগ্ৰেছৰ আকোঁৰগোজ স্থিতিৰ বাবেই অসমত বিফল হ’ল বিৰোধী মিত্ৰতা : আপ সভাপতি ডা০ ভবেন চৌধুৰী

STORY