আহিব আহিব বুলি পদূলিমুখলৈ বাট চোৱা সময় এয়া। প্ৰিয়জনৰ সৈতে আত্মীয়তাৰে সময় কটোৱা পৰিৱেশ এয়া। সেই আশা বহুতৰ বাবে আশা হৈয়েই থাকি যায়। মনৰ নিভৃতকোণত সৃষ্টি হোৱা হাবিয়াস এনেকৈয়ে মাৰ যায় মনৰ ভিতৰত।
এয়া যে উৎসৱৰ বতৰ। মানুহৰ কাষলৈ মানুহ যোৱাৰ হেঁপাহ সৃষ্টি হোৱাৰ ক্ষণ এয়া। চোতালৰ শেৱালিজোপা নিশা তলসৰা সময়ত আমোল-মোলাই থকা পৰিৱেশে বহুতক লৈ যায় অতীতলৈ। সেই জীয়া অতীতত প্ৰাণ ঢালি দি ৰং ছটিয়াই শৰতৰ ৰূপালী জোনে।
এদিন এই মায়াময় পৰিৱেশতে শৈশৱ জী উঠিছিল। পূজাৰ জেলেপী হাতত লৈ আত্মীয়তাৰে পৰিয়ালৰ প্ৰতিজন সদস্যই উপভোগ কৰিছিল শৰৎ। জ্যেষ্ঠজনৰ সৈতে পূজা চাবলৈ গৈ উভতি আহোতে লৈ অহা বেলুনবোৰতেচোন লুকাই আছিল আনন্দৰ সীমাহীন আকাশ।
লাহে লাহে সময় বাগৰিছিল। সেই সোণালী সুদিনবোৰ পুৰণি গাঁৱৰ ঘৰৰ চোতালতে থাকি গ’ল। নিয়ৰ সৰা দূবৰিবোৰ সিক্ত হয় আজিও। আইতাক, ককাকে শেলেঙী মুখেৰে বৰ্ণনা দিয়া ৰাজকুমাৰৰ সাধুবোৰ শুনিবলৈ আজৰি নোহোৱা হ’ল আজিৰ প্ৰজন্মৰ।
ব্যস্ততা হৈ পৰিল এক অজুহাত। যান্ত্ৰিকতা হৈ পৰিল পথৰ কাঁইট। উৎসৱ বুলিলে ঘৰলৈ দৌৰা মানুহবোৰে এতিয়া অতি আপোন মানুহবোৰৰ খবৰ ল’বলৈও অনীহা ওপজা হ’ল। অথচ সেই আপোন মানুহবোৰ ৰৈ থাকে আগৰ দৰেই। তেঁওলোকৰ বাবেতো পুত্ৰ বা সন্তান কেতিয়াও ডাঙৰ নহয়।
মৰমৰ আব্দাৰে আজিও তেঁওলোকে প্ৰতিষ্ঠিত হোৱা সতি-সন্তানক কাষত পাব বিচাৰে। এদিন মাক বা বাপেক হৈ মৰমৰ পৰিধিৰেখা টানি দিয়া মানুহবোৰে বিচাৰে নাতি- নাতিনীৰ উমাল সংস্পৰ্শ। চোতালৰ দূবৰিত নগাঢাৰি পাৰি বহি পাতিব খোজে একেলগে এটা দিন এষাৰ মনৰ কথা।
উৎসৱৰ বতৰত তেঁওলোক আহিব বুলি চলাব খোজে প্ৰস্তুতি। সকলো আশাত যেতিয়া পানী পৰে, নিসংগতাৰ দুৱাৰেদি সোমাই আহে বিষণ্ণ ডাৱৰ। আমি কেৱল নুবুজো বা বুজিও নুবুজাৰ দৰে আঁতৰি থাকিব খোজো সেই অকৃত্ৰিম স্নেহ পৰা।
সেই জোনাক নিশাৰ শুকুলা ডাৱৰৰ পৰা নামি অহা ৰাজকুমাৰ বা ৰাজকুমাৰীজনী কিমান যে ধুনীয়া আছিল তেতিয়া ! মেঘৰ আঁৰত খট-খট ঘোঁৰাৰ শব্দ শুনা সেই নান্দনিকতা ক’ত এতিয়া ? ভোগবাদৰ ছাঁয়াই আমাৰ সম্বন্ধবোৰত দূৰত্ব বঢ়ালে। একেটা পৰিয়ালতে একেলগে থাকি স্বামী, স্ত্ৰী, পুত্ৰ, কন্যা আজি কিমান দূৰত থাকে।
হাতত থকা মোবাইলটোৱে যেন সকলো। এটা হাই, হেল্ল’ বা নিয়মমাফিক দুটামান বাক্যতে শেষ হৈ যায় দায়িত্ব। সম্পৰ্কহীন এই আন্তৰিকতা কেৱল দায়িত্বৰ নামান্তৰ হৈ ৰৈ গৈছে। কথা পাতিবলৈ সময় নাথাকে, কিন্তু ভাৰ্চুৱেল পৃথিৱীখনত প্ৰতিটো মুহূৰ্ত নিজা মতে ব্যস্ত হৈ থাকে মানুহবোৰ।
উৎসৱৰ বতৰত মনত পৰে আপোনজনলৈ। বয়সে হেঁচি ধৰা জীৱনক প্ৰাণৱন্ত কৰি তুলিবলৈ এই সংস্পৰ্শই হয় যথেষ্ট। কিন্তু সেয়া হৈ পৰে তেঁওলোকৰ বাবে সপোন। আশাৰ নৈয়েদি উজাই নাহে বিচৰাৰ দৰে অতীতৰ মধুৰ সময়। উৎসৱ আহিলেই এই মানুহবোৰৰ মনৰ অসুখ আৰু বেছি হয়।
ভাগ্যৱান দুই- এজনৰ বাদে প্ৰতিজন পিতৃ-মাতৃয়েই এতিয়া এনে মনৰ অসুখত ভোগা ৰোগী। আন বেমাৰত চিকিৎসকে ঔষধ দিয়ে। এই বেমাৰৰ বাবেতো নাথাকে কোনো ঔষধ। স্মৃতিক সুঁৱৰি জোনাক নিশা বাৰাণ্ডাত বহি পিতৃ-মাতৃয়ে ৰোমন্থন কৰে- সৰু হৈ থাকোতে ল’ৰা বা ছোৱালীজনীৰ সৈতে কটোৱা ভাল লগা সময়বোৰ।
সেই ৰোমন্থনৰ উপত্যকাত গজি উঠে শোকৰ পাহাৰ। তাৰ পাদদেশেয়েদি বৈ যায় সিক্ত চকুৰ পৰা নিগৰা আবেগৰ নৈ। সেই নদীতে থাকে বাস্তৱৰ ঢৌ, সেই শোকৰ উপত্যকাতে মৰহি যায় বহু বছৰৰ আগতে দেখা সপোনৰ সেউজ গছবোৰ।
মানুহবোৰৰ বাৰু আজিকালি সঁচাকৈয়ে সময় নাইকিয়া হৈছে নেকি ? ২৪ ঘণ্টাইটো এতিয়াও এদিন। বছৰত এতিয়াও ৩৬৫ দিন। ক’ত হেৰুৱালো আমি আমাৰ সময়বোৰ ? কিয় আমি আপোনজনক সুখী কৰিবলৈ উলিয়াব নোৱাৰো অকমাণ আজৰি ?
উৎসৱ আহিলেই বহু মানুহ অসুখী হৈ পৰে। পদূলিমুখলৈ ডিঙি মেলি বাট চাই, নিশা দৰ্জা মাৰে। পূজা-বিহুত বহু পৰিয়ালত হয় এই দশা। ল’ৰাটো বা ছোৱালীজনী এই উৎসৱৰ বতৰতে আহিব আহিব বুলি অপেক্ষা কৰে। আকৌ কেইটামান দিনৰ বাবে ঘৰখন ঘৰ হৈ পৰিব বুলি সপোন দেখে। কিন্তু বহু পৰিয়াললৈ সেই সময় নাহে।
কথা পতাৰো সুখ আছে। কাৰোবাৰ আগত কিবা এটা কোৱাৰ তাড়না বহুলোকে লৈ ফুৰে। সেই সুযোগেইচোন বহু বৃদ্ধ- বৃদ্ধাৰ জীৱনলৈ নাহে। জীৱনৰ শেষ বয়সত এজন আনজনৰ সংগী হৈ থাকে জীয়াই থকা দিনকেইটা। এই সংসাৰ মায়াৰে ভৰা। কিন্তু ইমান অবিশ্বাসে আৱৰা নাছিল।
ইমান আন্তৰিকতাহীন নাছিল এই পৃথিৱী। ব্যস্ততাৰে ভৰা জীৱনতো আছিল আপোনজনৰ বাবে নিৰ্দিষ্ট সময়। আছিল দায়িত্ব আৰু কৰ্তব্য। বহু দূৰৰ পৰাই পিতৃ-মাতৃৰ কাষলৈ দৌৰি গৈছিল সুযোগ পালেই। দুটাদিনৰ সেই সান্নিধ্যই জীপাল কৰিছিল পুত্ৰ-কন্যা কাষত নথকা বৃদ্ধ লোকবোৰৰ জীৱন।
নাই আজি সেই দিন। উৎসৱ-পাৰ্বনৰ বতৰত সেইবোৰ সুঁৱৰিয়েই বহু মানুহ হয় উদাস। ভাল নালাগে তেঁওলোকৰ উৎসৱৰ এই মাদাকতা। শেৱালিৰ আমোল-মোল গোন্ধই, জোনাকৰ ৰূপালী নিশাই তেঁওলোকক ঘূৰাই দিব নোৱাৰে শৰতৰ ভাল লগা পুৰণি সময়।