বকলীয়াঘাটত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন...

বকলীয়াঘাটত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ উদালিত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ ৫ম বাৰ্ষিক অধিৱেশনখন সোমবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে ১নং উদালি যুৱ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচীৰ সফল সামৰণি পৰে।

বৃহত্তৰ চূণপোৰা আৰু বকলীয়াঘাট অঞ্চলটোত থকা থলুৱা জাতি জনগোষ্ঠীসমূহৰ মাজত কৃষ্টিৰ সমাহাৰ ঘটাই মহান সংস্কৃতিৰ পথাৰত ভাতৃত্ববোধ স্নেহৰ বান্ধোন, একতাৰ এনাজৰীৰে ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষৰে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ আয়োজন কৰা হয়।

ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ মূল পতাকা উত্তোলন কৰে সভাপতি ভদ্ৰেশ্বৰ হাজৰিকাই। ইয়াৰ সমান্তৰালভাৱে পৃথকে পৃথকে বড়ো জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, ডিমাছা জনগোষ্ঠী আৰু অসমীয়াৰ পতাকা উত্তোলন কৰে ক্ৰমে হৰি নাৰ্জাৰী, বিষ্ণু হাঞ্চে, ৰাইজেন ৰাজিয়ুং আৰু প্ৰসেন ৰাজবংশীয়ে।

ইয়াৰ পাছতে স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু মঞ্চ মণ্ডপ উদ্বোধন কৰা হয়। অনুষ্ঠিত কৰা হ'য় মুকলি সভাত সভাপতিত্ব কৰে ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলনৰ সভাপতি ভদ্ৰেশ্বৰ হাজৰিকাই। সভা উদ্বোধন কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক ড° প্ৰেমানন্দ মুছাহাৰীয়ে।

সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থকি ভাষণ দিয়ে গুৱাহাটীৰ বিশিষ্ট লেখক ড° ছাইদুল ইছলাম, স্মৃতি গ্ৰন্থ উন্মোচন কৰে ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ৰ অধ্যাপক ড° হাছিনুচ চুলতানে। সভাত উপস্থিত থাকে ক্ৰমে পৰমানন্দ তালুকদাৰ, অতুল চন্দ্ৰ শৰ্মা, ধৰ্মেন্দ্ৰ খাখলাৰী, লম্বোদৰ বৰা, বন্দনা ওৱাৰী, ৰাণু দেৱী কোচ, জনতা শইকীয়া, ভক্তি কোচ, নাৰায়ণ বৰুৱা, কনক চন্দ্ৰ নাথ, তোষেশ্বৰ‌ নাথ আদি উপস্থিত থাকে ।

বকলীয়াঘাটত ৰিববৈডিমা জনগোষ্ঠীয় সাংস্কৃতিক সন্মিলন...
বলিউডী গায়কৰ জ্ঞানৰ নমুনা- 'পৰজনমৰ শুভ লগনত' হেনো ৰাভা জনগোষ্ঠীয় গীত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in