নগাঁও ৰে'ল ষ্টেচনৰ সমীপৰ জংঘলত অচেতন অৱস্থাত মহিলা উদ্ধাৰ

নগাঁও ৰে'ল ষ্টেচনৰ সমীপৰ জংঘলত অচেতন অৱস্থাত মহিলা উদ্ধাৰ

ডিজিটেল সংবাদ,নগাঁও : দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মৰিকলঙৰ নগাঁও ৰে'ল ষ্টেচনৰ সমীপৰ জংঘলৰ পৰা সংজ্ঞাহীন অৱস্থাত এগৰাকী মহিলাক উদ্ধাৰ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাদৰ -মেখেলা পৰিহিত আৰু কপালত সেন্দুৰৰ ফোট লৈ থকা অৱস্থাত উদ্ধাৰ কৰা মহিলাগৰাকীৰ বয়স প্ৰায় ৩০বছৰ বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।

অৱশ্যে মহিলাগৰাকীৰ পৰিচয় সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই। স্থানীয় কোনো লোকে জংঘলত পৰি থকা মহিলাগৰাকীক প্ৰত্যক্ষ কৰি স্থানীয় মৰিকলং আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিয়ে।

পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অচেতন অৱস্থাত জংঘলত পৰি থকা মহিলাগৰাকীক উদ্ধাৰ কৰে। পাছত তেওঁক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।

মহিলাগৰাকীৰ ওঁঠ আৰু চকুৰ ওচৰত সামান্য আঘাতৰ চিন পোৱা গৈছে। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

নগাঁও ৰে'ল ষ্টেচনৰ সমীপৰ জংঘলত অচেতন অৱস্থাত মহিলা উদ্ধাৰ
টংলাৰ বিশাল জন জাগৰণ সভাত মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in