/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d1798674-57f9-4b99-9976-8e910ebeaf7d/30.jpg)
ডিজিটেল সংবাদ,টংলা : নৱ গঠিত ৪৮ নং টংলা বিধানসভা সমষ্টিত দেওবাৰে এখনি বিশাল জন জাগৰণ সভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। জনসভাত উপস্থিত হৈ আশীষ দিয়াৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।
আঢ়ৈ বছৰ আগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদই আঁচনি,১ লাখ চৰকাৰী নিযুক্তি,মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফকে ধৰি মূলতঃ যি ৩টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কথা কয় ৰাইজৰ বাবে সকলো আখৰে আখৰে পালন কৰে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0ac17e7d-86ab-4d13-88b0-b8760d44829d/397545473_866441481603615_140457504719496252_n.jpg)
দ্বিতীয়বাৰৰ কাৰণে বিজেপি শাসনলৈ অহাৰ পাছত অসমৰ ৮৭ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমত দুখীয়া মেধাৱী লৰা-ছোৱালীয়ে চৰকাৰী চাকৰি লাভ কৰিব পৰা পৰিবেশ নাইকিয়া হৈ গৈছিল। সেই অৱস্থাৰ ব্যাপক পৰিবৰ্তন আনিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে।
দুৰ্নীতি মুক্তভাৱে এই চৰকাৰী চাকৰি অসমৰ যুৱক-যুৱতীসকলে লাভ কৰাৰ পৰিবেশ সৃষ্টি হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তুক আঢ়ৈ বছৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অতি কমেও ৪০ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।
ৰাইজৰ বাবে আৰু কাম কৰিবলৈ আশীৰ্বাদ বিচাৰে মন্ত্ৰীগৰাকীয়ে। অসমত প্ৰায় ২৭ লাখ পৰিয়ালক অৰুণোদই আঁচনি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। যিসকলে অৰুণোদইৰ পৰা এতিয়াও বঞ্চিত হৈ আছে আগন্তুক ২টা বছৰত তেওঁলোককো চৰকাৰে অৰুণোদই দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/adf8c93c-dc34-4f95-ba5e-14b910122e5f/397533242_866441664936930_9140140468637020772_n.jpg)
বৰ্তমানলৈকে ২০০০ কোটি টকাৰ মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণৰ কথা উল্লেখ কৰিছিল তাৰে আঁত ধৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, ৰিং ৰোডটোৰ ফলত আটাইতকৈ বেছি ওদালগুৰি তথা এই অঞ্চলৰ ৰাইজ উপক্ৰিত হ'ব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনতে বিটিআৰ অঞ্চলৰ বাট-পথ উন্নত হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰায় ৪ লাখ মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকীৰ বেংক একাউণ্টত চলিত বছৰত ১ হাজাৰকৈ টকা আৰু আগন্তুক বৰ্ষত প্ৰতিগৰাকীক ১০ হাজাৰকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b747705f-1f0c-4711-ab28-a488052030cb/397520873_866441961603567_4764155180508521088_n.jpg)
আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ১ লাখ নিবনুৱা যুৱক-যুৱতীক ১ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ঋণ প্ৰদান কৰাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত এমএচপি ব্যৱস্থা প্ৰবৰ্তন হৈছে। যাৰ ফলত ৰাজ্য কৃষকসকলে ধানৰ উকৃষ্ট মূল্য লাভ কৰিছে বুলি কয় মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/63c1082c-eb72-4551-a7fe-146d16dbce05/397562643_866441718270258_2263130437273679747_n.jpg)
ৰাইজৰ স্বাস্থ্যৰ প্ৰতি দায়বদ্ধ হৈ মুখ্যমন্ত্ৰী আয়ুষ্মান আঁচনিৰ জৰিয়তে ৫ লাখ টকাকৈ স্বাস্থ্য বীমা দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল।
বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২খনলৈ বৃদ্ধি পোৱাৰ কথা মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এয়াই হৈছে পৰিৱৰ্তন। বিটিআৰ অঞ্চলত যি মাটি-বাৰীৰ সমস্যা আছে সেই সমস্যাৰো সমাধান কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e6f40b4f-5629-445b-8d5e-89cce3a2788f/397509212_866442008270229_6352474965324878141_n.jpg)
উপস্থিত ৰাইজক উদ্দেশ্যি এটা ভোটো যাতে নষ্ট নহয় তাৰ বাবে আগন্তুক লোকসভাত বিজেপিৰ পক্ষত ভোট প্ৰদান কৰিবলৈ অনুৰোধ কৰে মন্ত্ৰী হাজৰীকাই। ভাষণত জল সম্পদ মন্ত্ৰী হিচাপে বিটিআৰৰ বান নিয়ন্ত্ৰণৰ বাবে বিগত তিনি বছৰত ৩৫০ কোটি টকা প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
উক্ত অঞ্চলটো পৰ্যটনস্থলী হিচাপে গঢ় দিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। ৰাইজক সহায় কৰাৰ মানসেৰে বিনামূলীয়াকৈ চাউল প্ৰদানৰ ব্যৱস্থা কৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে। ভাষণৰ শেষত উপস্থিত সকলো ৰাইজকে দিপাৱলীৰ শুভেচ্ছা জনাই মন্ত্ৰী পীযুষ হাজৰীকাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ca4b9348-c45f-4f63-aadf-7ec83d48df8d/397541823_866442051603558_2283755618462039072_n.jpg)
আজিৰ সভাত সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, দলৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি মুনীন বসুমতাৰী, জিলা-মণ্ডল-বুথৰ বিষয়ববীয়া-কাৰ্যকৰ্তা তথা বিভিন্ন মৰ্চাৰ কাৰ্যকৰ্তা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Also Read: গীতৰ মাজেৰে লওঁ পণ...