কচুৱাৰ চানখোলাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত আহত বন বিষয়া

কচুৱাৰ চানখোলাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত আহত বন বিষয়া

author-image
Asomiya Pratidin
New Update
কচুৱাৰ চানখোলাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত আহত বন বিষয়া

ডিজিটেল সংবাদ,কঠীয়াতলী : ৰাজ্যৰ কেইবাঠাইত তীব্ৰতৰ হৈ উঠিছে হাতী-মানুহৰ সংঘাত। সমান্তৰালতৈ নগাঁও জিলাৰ কামপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।

Advertisment

হাতী খেদিবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী বন বিষয়া। কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ কৰ্মচাৰী ছিৰাজউদ্দীনয়ে হাতীৰ আক্ৰমণ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।

বৰ্তমান তেওঁক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। ইফালে বন্যহস্তীয়ে কেইবাটাও বাসগৃহৰ ক্ষতি কৰে। হাতীৰ জাকটোৰ ৭টা হাতী বৰ্তমানেও চাঙখোলা অঞ্চলত অৱস্থান কৰি আছে।

Also Read: মহানগৰীৰ ধীৰেণপাৰাত অট্টালিকাৰ পৰা পৰি মহিলাৰ মৃত্যু

assam forest department wild elephant wild elephant attacked Kasua