কামপুৰ নগৰৰ মাজত বন্যহস্তীৰ আতংকঃ দুজনক আক্ৰমণ, শিক্ষানুষ্ঠান বন্ধ...

কামপুৰ নগৰৰ মাজত বন্যহস্তীৰ আতংকঃ দুজনক আক্ৰমণ, শিক্ষানুষ্ঠান বন্ধ...

author-image
Asomiya Pratidin
New Update
চানমাৰিত অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল ছাত্ৰীঃ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি...

কামপুৰ নগৰৰ মাজত বন্যহস্তীৰ আতংকঃ দুজনক আক্ৰমণ, শিক্ষানুষ্ঠান বন্ধ...

ডিজিটেল ডেস্কঃ কামপুৰ নগৰৰ মাজমজিয়াত বন্যহস্তাৰ আতংক। দুজনকৈ লোক আহত হৈছে বন্যহস্তীৰ আক্ৰমণত। জানিব পৰা মতে দুয়োৰে অৱস্থা সংকটজনক।

Advertisment

বন্যহস্তীৰ আক্ৰমণত আহত দুই ব্যক্তিৰ নাম ক্ৰমে কালামুদ্দিন আৰু হেনাৰাণী ঘোষ। দুয়োকে সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

ইফালে বন্যহস্তীৰ আক্ৰমণতে মৃত্যু হৈছে এটা পশুধনৰ। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, বন্যহস্তীৰ আতংকৰ বাবেই বন্ধ কৰিবলৈ বাধ্য হৈছে শিক্ষানুষ্ঠান।

দুখনকৈ শিক্ষানুষ্ঠান বন্ধ কৰা হৈছে বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে। এটা হাতীৰ জাকে কামপুৰত চলাই আছে সন্ত্ৰাস।

Also Read: গৰু চোৰৰ বাহনৰ খুন্দাত এজন নিহত...

কামপুৰ বন্যহস্তী