গৰু চোৰৰ বাহনৰ খুন্দাত এজন নিহত...

গৰু চোৰৰ বাহনৰ খুন্দাত এজন নিহত...
গৰু চোৰৰ বাহনৰ খুন্দাত এজন নিহত...

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে গৰু চোৰৰ সন্ত্ৰাস। বিভিন্ন স্থানৰ পৰা বিভিন্ন কৌশলেৰে চোৰাং গৰু সৰবৰাহ অব্যাহত থকাৰ মাজতে মঙ্গলবাৰে নিশা ৰহাত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। চোৰাং গৰু কঢ়িওৱা এখন বাহনৰ খুন্দাত নিহত হ'ল এজন লোক।

জানিব পৰা মতে ৰহাৰ খলিহামাৰীত নিশা গৰু চোৰ কৰি চোৰৰ দলটো পলাবলৈ চেষ্টা কৰে। চোৰৰ দলটোৱে ব্যৱহাৰ কৰিছিল এখন বাহন। বাহনখনৰ নম্বৰ AS 11 L 7795। এই বাহনখনেৰে খুন্দা মৰাৰ ফলতেই ভদ্ৰেশ্বৰ নাথ নামৰ এজন লোক নিহত হয়।

আনহাতে আহত হয় ভদ্ৰেশ্বৰ নাথৰ পত্নী সীমা দেৱী। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে ৰাইজে এই গৰু চোৰৰ দলটোক খেদি খদি আটক কৰিবলৈ কৰাৰ চেষ্টাৰ ফলতেই নাজিৰ হুছেইন নামৰ এটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আনহাতে আৰক্ষীয়ে আটক কৰে খাইৰুল ইছলাম নামৰ এটা গৰু চোৰক।

ইয়াৰ বিপৰীতে দুটা গৰু চোৰ এতিয়াও পলাতক অৱস্থাত আছে। তাৰে এটাৰ নাম ছফিকুল বুলি জানিব পৰা গৈছে। পলাতক এই দুয়োটা চোৰৰ সন্ধানত আছে ৰহা আৰক্ষী।

গৰু চোৰৰ বাহনৰ খুন্দাত এজন নিহত...
টেঙাখাত সৰু-অভয়পুৰীয়াৰ কদৰ্য পথক লৈ স্থানীয় মহিলাৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in