কঠীয়াতলী আৰক্ষী পহৰা চকীত বন্যহস্তীৰ উপদ্ৰৱ

কঠীয়াতলী আৰক্ষী পহৰা চকীত বন্যহস্তীৰ উপদ্ৰৱ

author-image
Asomiya Pratidin
New Update
কঠীয়াতলী আৰক্ষী পহৰা চকীত বন্যহস্তীৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, কামপুৰঃ এইবাৰ থানাত সোমাল বন্যহস্তুী। কঠীয়াতলী আৰক্ষী পহৰা চকীত বন্যহস্তীৰ উপদ্ৰৱ। নগাঁও জিলাৰ কঠীয়াতলী আৰক্ষী পহৰা চকীত বন্যহস্তীৰ জাকৰ পৰা ফালি অহা এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই ত্ৰাসৰ সৃষ্টি কৰে।

Advertisment

প্ৰায় ১০ মিনিট সময় থানাৰ চৌহদ লণ্ড - ভণ্ড কৰিলে বন্যহস্তীটোৱে। বন্যহস্তীটোৱে আৰক্ষী পহৰা চকীত বহু সময় আতংকৰ সৃষ্টি কৰাৰ পাচত পকা বেৰ ভাঙি পথাৰলৈ উলাই যায়। বন্যহস্তীৰ উপদ্ৰৱত আৰক্ষী থানৰ কেইবাখনো মটৰ চাইকেল ক্ষতিগ্ৰস্ত হয় ৷

Also Read: ৰাজপুত নেতা সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ প্ৰতিবাদত জয়পুৰ বন্ধৰ আহ্বান

wild elephant attacked