ৰাজপুত নেতা সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ প্ৰতিবাদত জয়পুৰ বন্ধৰ আহ্বান

ৰাজপুত নেতা সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ প্ৰতিবাদত জয়পুৰ বন্ধৰ আহ্বান

ডিজিটেল ডেস্কঃ বিশিষ্ট ৰাজপুত নেতা সুখদেৱ সিং গোগামেড়ীক মঙলবাৰে তেওঁৰ বাসগৃহতে গুলীয়াই হত্যা কৰাৰ পিছত বুধবাৰে তেওঁৰ সমৰ্থকসকলে ‘জয়পুৰ বন্ধ’ৰ আহ্বান জনাইছে। ইয়াৰ লগতে এই হত্যাকাণ্ড সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যজুৰি বন্ধৰ হুংকাৰ দিছে তেওঁৰ সমৰ্থকসকলে।

উল্লেখ্য যে, গোল্ডি ব্ৰাৰ আৰু লৰেন্স বিষ্ণয়ৰ গেঙৰ সৈতে ঘনিষ্ঠভাৱে জড়িত গেংষ্টাৰ ৰোহিত গোদাৰাই মঙলবাৰে এই সংঘটিত হোৱাৰ কিছুসময় পাছতে সামাজিক মাধ্যমৰ জৰিয়তে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক পৰাস্ত কৰাৰ পিছত শাসন ব্যৱস্থা সলনিৰ প্ৰক্ৰিয়া চলি থকা ৰাজস্থানত ৰাজপুত নেতাগৰাকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ফলত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয়।

তেওঁৰ সমৰ্থকে চিকিৎসালয়ৰ বাহিৰৰ শিপ্ৰা পাথ পথ অৱৰোধ কৰি অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। জয়পুৰৰ উপৰিও চুৰু, উদয়পুৰ, আলৱাৰ আৰু যোধপুৰ জিলাতো প্ৰতিবাদৰ সূত্ৰপাত ঘটে।

মঙলবাৰে জয়পুৰত গোগামেড়ীৰ বাসগৃহত হোৱা এই আক্ৰমণৰ ফলত গোগামেড়ীৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ ২ সহযোগী গুলীত আঘাতপ্ৰাপ্ত হৈছিল। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনাৰ সময়ত গোগামেড়ীৰ সহায়কসকলেও এজন আক্ৰমণকাৰীক গুলীয়াই হত্যা কৰিছিল।

ৰাজপুত নেতা সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ প্ৰতিবাদত জয়পুৰ বন্ধৰ আহ্বান
নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ এনকাউণ্টাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in