বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৱেবছাইট মুকলি...

বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৱেবছাইট মুকলি...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৱেবছাইট মুকলি...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাগৃহত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত আজি গৱেষণা প্ৰতিষ্ঠানটোৰ ৱেবছাইট মুকলি কৰা হয়। প্ৰতিষ্ঠানৰ অধ্যক্ষ শিক্ষাবিদ তথা গৱেষক, পণ্ডিত ড০ নৰেন কলিতাই কম্পিউটাৰৰ বুটাম টিপি ৱেবছাইটটো মুকলি কৰে।

Advertisment

গৱেষণা কেন্দ্ৰত সংৰক্ষণ হৈ থকা অসমৰ জাতীয় জীৱনৰ দাপোন স্বৰূপ প্ৰাচীন সাচিপতীয়া পুথিসমূহৰ ডিজিটেল পদ্ধতিৰে সংৰক্ষণকে আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সমৃদ্ধ বিষয়সমূহ অনুসন্ধিৎসু লোকৰ বাবে এতিয়াৰ পৰা উক্ত ৱেবছাইটত উপলব্ধ হ'ব। ৱেবছাইট মুকলি কৰি দিয়া চমু ভাষণত ড০ নৰেন কলিতাই কয়, আজি গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত এনে এটা বৃহৎ প্ৰকল্পৰ সাকাৰ ৰূপ দিব পৰাটো প্ৰতিষ্ঠানটোৰ বাবে এক বৃহৎ সাফল্য বুলি পৰিগণিত হ'ব।

গৱেষণা প্ৰতিষ্ঠানৰ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই আঁত ধৰা সভাখনত কাৰ্য্যকৰী সভাপতি, অতুল মহন্ত, ড০ ত্ৰিদিপ গোস্বামী, শিল্পী ৰঞ্জিত মহন্ত, অধ্যাপক ড০ ধনঞ্জয় কুশ্ৰে, অধ্যাপক বিষ্ণু চৰণ নায়ককে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ইফালে ৱেবছাইট মুকলি অনুষ্ঠানৰ শেষত নগাঁও লোকসভা সমষ্টিক সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈ কয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাত থকা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানটিৰ উত্তৰণৰ বাবে আগন্তুক দিনত বহু কৰিবলগীয়া আছে, আৰু মই সেইবাৰ কৰিবলৈ যত্নপৰ হম।"

Also Read: এছিয়া কাপৰ ফাইনেলঃ দলৰ পৰা বাহিৰ অক্সৰ পেটেল, স্থান পালে এইগৰাকী যুৱ ক্ৰিকেটাৰে...

বটদ্ৰৱা