এছিয়া কাপৰ ফাইনেলঃ দলৰ পৰা বাহিৰ অক্সৰ পেটেল, স্থান পালে এইগৰাকী যুৱ ক্ৰিকেটাৰে...

এছিয়া কাপৰ ফাইনেলঃ দলৰ পৰা বাহিৰ অক্সৰ পেটেল, স্থান পালে এইগৰাকী যুৱ ক্ৰিকেটাৰে...
এছিয়া কাপৰ ফাইনেলঃ দলৰ পৰা বাহিৰ অক্সৰ পেটেল, স্থান পালে এইগৰাকী যুৱ ক্ৰিকেটাৰে...

ডিজিটেল ডেস্কঃ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলটোত দেওবাৰে দেখা পোৱা যাব এগৰাকী নতুন ক্ৰিকেটাৰক। এছিয়া কাপৰ বাবে ঘোষিত দলত স্থান নোপোৱা স্বত্বেও এইগৰাকী যুৱ ক্ৰিকেটাৰে এছিয়া কাপৰ ফাইনেল খেলাৰ সুযোগ লাভ কৰিছে।

দেওবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলগীয়া ভাৰতীয় দলটোত দেখা পোৱা যাৱ ৱাশ্বিংটন সুন্দৰক।বাংলাদেশৰ বিৰুদ্ধে খেলা মেচত দৰ্শনীয় প্ৰদৰ্শন কৰাৰ পাছতো আঘাতৰ সমস্যাৰ বাবে ফাইনেলত খেলাৰ পৰা বিৰত থাকিব লাগিব অক্সৰ পেটেল। যাৰ বাবে তেওঁৰ স্থানত খেলিবলৈ ৱাশ্বিংটন সুন্দৰক জৰুৰীভাৱে ভাৰতীয় দলটোত যোগদান কৰিবলৈ মাতি পঠিওৱা হৈছে।

ফাইনেলৰ পূৰ্বে দলীয় মনেজমেণ্ট আৰু অধিনায়ক ৰোহিত শৰ্মাৰ মাজত অনুষ্ঠিত হোৱা প্ৰায় ৩ ঘণ্টাৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, শনিবাৰে কলম্বোত অক্সৰ পেটেলৰ আঘাতৰ সমস্যাক লৈ প্ৰথমে বৈঠক অনুষ্ঠিত হৈছিল ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবীড় আৰু বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ৰ মাজত। ইয়াৰ পাছত সেই বৈঠকত যোগদান কৰে ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে।

আৰু শেষত বৈঠকত চামিল হয় বলিং প্ৰশিক্ষক পৰেশ মামব্ৰে আৰু ফ্লিডিং প্ৰশিক্ষক টি দিলীপ। এই ৬ গৰাকী লোকৰ মাজত অনুষ্ঠিত হোৱা বৈঠকৰ অন্ততত লোৱা হয় ৱাশ্বিংটন সুন্দৰক দলত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত।  

https://x.com/BCCI/status/1703084957776904515?s=20
এছিয়া কাপৰ ফাইনেলঃ দলৰ পৰা বাহিৰ অক্সৰ পেটেল, স্থান পালে এইগৰাকী যুৱ ক্ৰিকেটাৰে...
গাড়ীগাঁৱৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত স্বামী, শহুৰক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in