নগাঁও কলেজ (অট’নমাচ)ত ‘অসমীয়া ৱিকিপিডিয়া’ বিষয়ক কৰ্মশালা...

নগাঁও কলেজ (অট’নমাচ)ত ‘অসমীয়া ৱিকিপিডিয়া’ বিষয়ক কৰ্মশালা...

ডিজিটেল সংবাদ, নগাঁওঃ মঙলবাৰে নগাঁও কলেজ (অট’নমাচ)ত She Leads Campaign-ৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত ‘অসমীয়া ৱিকিপিডিয়া’ শীৰ্ষক এখনি দিনজোৰা কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনিৰ আঁত ধৰে She leads Campaign-ৰ কৰ্মকৰ্তা তথা নগাঁও মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ শিক্ষয়ত্ৰী প্ৰণামিকা অধিকাৰীয়ে।

তেখেতে ভাষণত বিকিপিডিয়া সম্পৰ্কে এটি পৰিচয় আগবঢ়ায়। তেখেতে ভাষণত এইদৰে কয়- বৰ্তমান যুগ বিজ্ঞান প্ৰযুক্তিৰ যুগ। অসমীয়া ভাষাটোৰ বিকাশ সাধন কৰিবলৈ ভাষাটোক প্ৰযুক্তিৰ সৈতে আগবঢ়াই নিব লাগিব। ৱিকিপিডিয়া হৈছে ডিজিটেল পদ্ধতিৰে নিৰ্মাণ কৰা এখন বিশ্বকোষ। এই ৱিকিপিডিয়াত অসমীয়া ভাষাৰ সমল অন্তৰ্ভুক্ত কৰি ভাষাটোৰ সংৰক্ষণ আৰু সংবৰ্ধন কৰিব লাগিব। অসমীয়া ভাষাৰ স্থিতি ইন্টাৰনেটত সবল কৰিবলৈ বিভিন্ন ভাষাত উপলব্ধ সমলসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ লগতে মৌলিক লেখাও অন্তৰ্ভুক্তি কৰিব লাগিব বুলি উল্লেখ কৰে।

পুৰণি অসমীয়া গ্ৰন্থৰ সম্পাদনা, হেৰাই যাব ধৰা ফকৰা যোজনা, ডাকৰ-বচন, সাঁথৰ, বিহুনাম, জতুৱা ঠাঁচ আদি ৱিকিপিডিয়াত সংৰক্ষণ কৰাৰ গুৰুত্ব সম্পৰ্কে তেখেতে উল্লেখ কৰে। প্ৰণামিকা অধিকাৰীয়ে কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক কেনেদৰে ৱিকিপিডিয়া একাউন্ট খুলিব পাৰি, ফটো আপলোড কৰিব পাৰি, উদ্ধৃতি সম্পাদন কৰিব পাৰি, ৱিকি উৎস, অসমীয়া ভাষাত সমল কেনেদৰে অন্তৰ্ভুক্তি কৰিব পাৰি এই সম্পৰ্কে অংশগ্ৰহণকাৰীক বিশদভাৱে জানিবলৈ দিয়ে।

এদিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত নগাঁও কলেজৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাই অংশগ্ৰহণ কৰে। নগাঁও কলেজ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে কৰ্মশালাখনৰ পৰা লাভ কৰা অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। অসমৰ ভাষা, সাহিত্য, সংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ই এক সুন্দৰ পদক্ষেপ বুলি অংশগ্ৰহণকাৰীসকলে মন্তব্য কৰে।

নগাঁও কলেজৰ অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ মজিন্দাৰে কৰ্মশালাখনত আদৰণী ভাষণ প্ৰদান কৰে। ভাষণত ড০ মজিন্দাৰে অসমীয়া ভাষাটোক প্ৰযুক্তিৰ সৈতে আগুৱাই লৈ যাবৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ শলাগ লয় আৰু ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষাটোক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হাত উজান দিবৰ বাবে আহ্বান জনায়।

এই অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ কলেজৰ বায়’টেকনল’জি বিভাগৰ অধ্যাপিকা ড০ বৰ্ণালী শৰ্মা, নগাঁও কলেজ (অট’নমাচ) ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ড০ ললিত মোহন গোস্বামী, বিশিষ্ট সংগীতজ্ঞ ৰণ্জন বেজবৰুৱা।

লগতে অসমীয়া বিভাগৰ মুৰব্বী ধনদা দেৱী, সহযোগী অধ্যাপিকা ড০ ৰূপাণ্জলি দেৱী, সহকাৰী অধ্যাপিকা ড০ বনশ্ৰী দাস, বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা ড০ অৰণি শইকীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ সংগীতা বৰা, গীতিকা বৰা, হিন্দী বিভাগৰ মুৰব্বী ড০ কৰবী দেৱী, স্বি লিড্ছ কেম্পেইনৰ কৰ্মকৰ্তা ক্ৰমে জ্যোতি চিৰিং, ৰুমী বৰাকে প্ৰমুখ্য কৰি বহু শুভাকাংক্ষী উপস্থিত থাকে।

নগাঁও কলেজ (অট’নমাচ)ত ‘অসমীয়া ৱিকিপিডিয়া’ বিষয়ক কৰ্মশালা...
ৰঙিয়া মহাবিদ্যালয়ত বসন্ত উৎসৱ উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in