/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/eb5cf172-e5af-4abd-970b-c02b61960b40/149.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত মঙলবাৰে বসন্ত উৎসৱ উদযাপন কৰা হয়। মহাবিদ্যালয় চৌহদত অনুষ্ঠিত হোৱা এই বসন্ত উৎসৱখনি মুকলি কৰে অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়াই।
দিনৰ ১১-০০ বজাত উক্ত অনুষ্ঠান মুকলি কৰি অধ্যক্ষগৰাকীয়ে অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ কৃষ্টি-সংস্কৃতিৰ বিষয়ে আলোকপাত কৰে। ইয়াৰোপৰি শিক্ষাৰ্থীসকলৰ উৎসাহক অনুপ্ৰেৰণা জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dc2b805c-103d-467b-86e4-83a278ea6cb2/b1072ee9_0fa5_44c7_8e56_b012ec78128e.jpg)
ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ ১০০ গৰাকী শিক্ষাৰ্থীয়ে সম্পূৰ্ণ বিহুৱতীসাজত মুকলি বিহু নৃত্য প্ৰদৰ্শন কৰে। তাৰপিছত ক্ৰমান্বয়ে কাব্যশ্ৰী ডেকাৰ আধুনিক নৃত্য,ভাৰ্গৱ ডেকাৰ বিহু গীত, চৰণীয়া কৃষ্টি নৃত্য, চাওতালী নৃত্যকে ধৰি দলীয় নৃত্যৰ লগতে কেইবাটাও বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1a12e582-ddea-4fa7-ad1d-55ed2574a9be/b095bc65_b356_4d21_bc02_4607b5686e39.jpg)
উল্লেখ্য যে বসন্ত উৎসৱ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়া, উপাধ্যক্ষ ড° হেমেন্দ্ৰ শৰ্মা, অসমীয়া বিভাগৰ অধ্যাপক ড° বিজুলী চক্ৰৱৰ্তীকে ধৰি মহাবিদ্যালয় খনৰ অধ্যাপক -অধ্যাপিকা, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে বুলি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি ডেকাই জানিবলৈ দিয়ে।
Also Read: মহাৰাষ্ট্ৰৰ ৰেষ্টুৰেণ্টত বিধ্বংসী অগ্নিকাণ্ড : গুৰুতৰভাৱে আহত ৪গৰাকী কৰ্মচাৰী...