জলজীৱনত বিপৰ্যস্ত নগাঁৱৰ জনজীৱন...

জলজীৱনত বিপৰ্যস্ত নগাঁৱৰ জনজীৱন...

ডিজিটেল সংবাদ,নগাঁও : জলজীৱন মিছন । কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে ২০১৯ চনত প্ৰৱৰ্তন কৰা এক আঁচনি । প্ৰতিঘৰ লোককে দৈনিক ৫৫ লিটাৰকৈ 'টেপ ৱাটাৰ' যোগান ধৰাৰ লক্ষ্যৰে ৰূপায়িত হৈছিল এই ব্যয়বহুল আঁচনিখন ।

সেই অনুসৰি আৰম্ভ হৈছিল অভিলাষী আঁচনিখনৰ কাম-কাজ । কিন্তু অসমত এই আঁচনিখন যেন এক প্ৰকাৰৰ স্থবিৰ হৈ পৰিছে । কাৰণ, প্ৰায়সংখ্যক অঞ্চলতে জলজীৱনৰ টেপেৰে নোলায় পানী ।

বিশেষকৈ নগাঁও চহৰত এই আঁচনিৰ কাম-কাজে জলাকলা খুৱাইছে চহৰবাসীক । নগাঁও চহৰৰ মোলাপট্টিৰ ৰে'লগেটৰ কাষত এই আঁচনিৰ পাইপ সংস্থাপনৰ বাবে চাৰিমাহমানৰ পূৰ্বেই খন্দা হৈছিল প্ৰকাণ্ড গাঁত।

নাৰেংগী-নলতলি সংযোগী ৰাজ্যিক ঘাইপথৰ অৰ্দ্ধাংশতকৈও(পথালিকৈ) অধিক স্থানত বাঁহেৰে বেৰিকেড তৈয়াৰ কৰি দায়িত্ববাহী ঠিকাদাৰী প্ৰতিষ্ঠানে খান্দিছিল এই প্ৰকাণ্ড গাঁত । কিন্তু চাৰিমাহ উকলি যোৱাৰ পিছতো আজিপৰ্যন্ত হৈ নুঠিল পাইপ সংস্থাপনৰ কাম ।

যাৰবাবে এতিয়া যাতায়তৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে নগাঁও-মৰিগাঁওবাসী । কাৰণ, নগাঁও চহৰৰ হয়বৰগাঁও অঞ্চলৰ মাজেৰে যোৱা এই পথটোৱেই হৈছে মৰিগাঁও সংযোগী একমাত্ৰ চিধা পথ ।

গুৰুত্বপূৰ্ণ,সদাব্যস্ত পথটোত থকা জলজীৱন আঁচনিৰ গাঁতৰ বাবেই মোলাপট্টি অঞ্চলত সৃষ্টি হয় তীব্ৰ যানজঁট । হয়বৰগাঁও ষ্টেচনলৈ ৰে'ল অহা-যোৱাৰ সময়ত ভীষণ সমস্যাৰ সন্মুখীন হ'বলাগে নাগৰিক তথা পথচাৰী । কাৰণ, ৰে'লৱে লেভেল ক্ৰছিঙৰ গেট বন্ধ কৰি দিয়াৰ লগে লগেই জলজীৱন আঁচনিৰ গাঁতৰ বাবেই এঘণ্টা পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হয় যান-বাহনসমূহ ।

লঘু আৰু গধুৰ সকলো ধৰণৰ যানবাহন চলাচল কৰা এই পথটোৰ সেই নিৰ্দিষ্ট অংশত ঠেক হৈ পৰাৰ বাবে এতিয়া কোনোমতে এখনকৈ বাহনহে সৰকি যাব পাৰে । যাৰবাবেই সৃষ্টি হয় ব্যাপক যানজঁট ।

কাৰ্যালয় আৰু শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰাৰ সময়ত এই পথৰ সেই অংশৰে পাৰাপাৰ হোৱাটো এক দুঃসাহসিক কামৰ দৰে হৈছে । জলজীৱন আঁচনিৰ উন্নয়নে যেন এতিয়া দুৰ্গতিহে নমাই আনিছে নগাঁৱবাসীৰ বাবে ।

সেয়ে ৰাইজে ঠিকাদাৰী প্ৰতিষ্ঠানক মোলাপট্টি অঞ্চলৰ গাঁতকেইটাত পাইপ সংস্থাপনৰ কাম শীঘ্ৰেই সম্পন্ন কৰি অধিগ্ৰহণ কৰি থোৱা পথৰ অংশ মোকলাই দিবলৈ সজোৰে দাবী উত্থাপন কৰিছে ।

জলজীৱনত বিপৰ্যস্ত নগাঁৱৰ জনজীৱন...
মীন নিগমৰ সঞ্চালকৰ নেতৃত্বত আমিনগাঁৱত বিঘাই বিঘাই বিক্ৰী চৰকাৰী ভূমি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in