/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ba03e69e-526e-4ed6-9b1e-753cf758e4db/44d38ede_c178_45df_8dfc_0a752043c965.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : মীন নিগমৰ সঞ্চালকৰ নেতৃত্বত আমিনগাঁৱত বিঘাই বিঘাই বিক্ৰী চৰকাৰী ভূমি ! হাইস্কুলৰ দেওনা পাৰ নোহোৱাকৈ ৰাজনৈতিক প্ৰতিপত্তিৰে অসম চৰকাৰৰ মীন বিভাগৰ সঞ্চালকৰ পদ আৰোহন কৰা আমিনগাঁৱৰ বিতৰ্কিত ব্যক্তি যাদৱ হালদাৰে এইবাৰ আমিনগাঁৱত বিঘাই বিঘাই চৰকাৰী ভূমি বিক্ৰী কৰা ঘটনা পোৰহলৈ আহিছে।
এই ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত থকা চৰকাৰী ভূমি, জলাশয়ত লোলুপ দৃষ্টি পৰা যাদৱ হালদাৰে শ্বেৰু খান নামৰ এগৰাকী ঠিকাদাৰক চৰকাৰী ভূমি বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে আমিনগাঁৱ শিলাগ্ৰেন্ট টাউনৰ ৪২ টা পৰিয়ালৰ ভেটি-মাটি ১৯৯১ চনত গুৱাহাটী আই আই টিৰ নিৰ্মাণ সময়ত চৰকাৰে অধিগ্ৰহণ কৰিছিল। ক্ষতিগ্ৰস্ত প্ৰায় ৪২ ঘৰ লোকক ১৯৯৫ চনত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই নিজ হাতেৰে ১ কঠা ১০ লেছাকৈ ভূমিৰ আবণ্টন পত্ৰ প্ৰদান কৰিছিল ।
উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ নুমলী জালাহ গাৱঁত আবণ্টন লাভ কৰা ভূমিখিনি পিতনি জলাশয় হোৱা বাবে ক্ষতিগ্ৰস্ত লোকসকলে তাত ঘৰ বান্ধি বসবাস কৰিবলৈ সক্ষম নহ'ল। উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ কাৰ্যলয়ৰ নুমলী জালাহ ৫ নং লাটত একচনা ভূমি হিচাপে অন্তৰ্ভুক্ত থকা ভূমিখিনি যাদৱ হালদাৰে শ্বেৰু খানৰ ওচৰত বিক্ৰী কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
কিছুদিন পূৰ্বে যাদৱ হালদাৰে ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰে আবণ্টন দিয়া প্ৰায় ৮ বিঘা ভূমি আমিনগাঁৱৰ মৰিয়াপট্টি নিবাসী শ্বেৰু খানক বিক্রী কৰে বুলি জানিব পাৰি ক্ষতিগ্ৰস্ত লোকসকল জাঙুৰ খাই উঠে । প্ৰণিধানযোগ্য যে ৮ বিঘা চৰকাৰী ভূমিৰ ৫০শতাংশ ভূমি ইতিমধ্যেই মাটি পুতি পেলাইছে শ্বেৰু খানে।
লোকসকলে জানিব দিয়া অনুসৰি যাদৱ হালদাৰ আৰু শ্বেৰু খানে জনৈক মাহাতো আৰু টুলু নামাৰ দুগৰাকী দালালৰ সহযোগত ৰাজহ চক্ৰ কাৰ্যালয়ক মেনেজ কৰি এই ভূমি ক্ৰয়-বিক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যাৰ বাবে ক্ষোভিত লোকসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যাদৱ হালদাৰৰ কৰ্মকাণ্ড সন্দৰ্ভত এক লিখিত অভিযোগ দাখিল কৰিছে।
অভিযোগকাৰীসকলে জনোৱা অনুসৰি বিষয়টো সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসন আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ কাৰ্যলয়ে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে। অন্যহাতে দিলীপ দে নামৰ স্বাস্থ্য বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে আই আই টি গুৱাহাটীৰ ক্ষতিগ্ৰস্ত পৰিয়াল নোহোৱাকৈ কেনেদৰে আই আই টি গুৱাহাটীৰ ক্ষতিগ্ৰস্ত হিচাপে চৰকাৰী ভূমিৰ আবণ্টন লাভ কৰিলে, সেয়াও ৰহস্যৰ বিষয় বুলি একাংশই অভিযোগ উত্থাপন কৰে।
অভিযোগকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাদৱ হালদাৰ আৰু শ্বেৰু খানৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে।
Also Read: মঙলদৈত ৰাজ্যিক ভিত্তিক কৃষি কৰ্মশালা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us