ভুৱা ভূগোলৰ প্ৰশ্ন কাকত ভাইৰেল কৰা দুই ছাত্ৰক কৰায়ত্ব..

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল বিষয়ৰ ভুৱা প্ৰশ্ন কাকত ভাইৰেল কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে ছাত্ৰ মাছুম আলিক
ভুৱা ভূগোলৰ প্ৰশ্ন কাকত ভাইৰেল কৰা দুই ছাত্ৰক কৰায়ত্ব..

ডিজিটেল সংবাদ, নগাঁও: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল বিষয়ৰ ভুৱা প্ৰশ্ন কাকত ভাইৰেল কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে ছাত্ৰ মাছুম আলিক ৷ নগাঁও চহৰৰ ফৌজদাৰীপট্টি স্থিত উত্তৰন একাডেমিৰ ছাত্ৰ মাছুমক নগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ ক্ৰাইম ব্ৰাঞ্চে জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে ৷

ইফালে মাছুমে আগবঢ়োৱা স্বীকাৰোক্তিৰ ভিত্তিত অসম আৰক্ষীয়ে কৰায়ত্ব কৰিছে আন এজন ছাত্ৰক ৷ জানিব পৰা মতে, কৰায়ত্ব কৰা আনজন ছাত্ৰ হৈছে শিৱসাগৰৰ ৷ মাছুমৰ স্বীকাৰোক্তিৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ছাত্ৰজনক ৷ উল্লেখ্য যে, ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰা ঘটনাৰে জড়িত থকাৰ সন্দেহত অন্য সাতজন ছাত্ৰক আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিব ৷

মাছুম আলিয়ে শুকুৰবাৰে লাভ কৰিছিল ভুৱা ভূগোলৰ প্ৰশ্নকাকত ৷ "PROTEST FOR HSLC SIVSAGAR" নামৰ হোৱাটচএপ গ্ৰুপত মাছুমে ভুৱা প্ৰশ্ন কাকত খনি লাভ কৰাৰ পিছত নতুনকৈ আন এক গ্ৰুপ বনাই প্ৰশ্নকাকতখন ভাইৰেল কৰিছিল ৷ পূৰ্বৰ গ্ৰুপটোত থকা ৬০০ সদস্যই আছিল ছাত্ৰ ছাত্ৰী ৷

ভুৱা ভূগোলৰ প্ৰশ্ন কাকত ভাইৰেল কৰা দুই ছাত্ৰক কৰায়ত্ব..
Wildlife Sanctuaries in Assam: পৰ্যটকক আকৰ্ষিত কৰা অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in