/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c11106bd-d000-4bec-8c2a-d6429d5a27f4/5.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আগন্তুক ৪ মে'ত নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হ'ব বসন্ত উৎসৱ। সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'সৃষ্টি'ৰ উদ্যোগত অনুষ্ঠিত হৈ অহা এই বসন্ত উৎসৱত কাৰ্যসূচীৰ অংশৰূপে অংগৰাগ পাপন মহন্তৰ সংগীতানুষ্ঠানৰ উপৰিও 'আমাৰ নগাঁও আমাৰ গৌৰৱ' শীৰ্ষক বুৰঞ্জীমূলক এক সংগীতালেখ্য আৰু বিহু অনুষ্ঠান পৰিৱেশিত হ'ব।
২১ তম বৰ্ষৰ বাবে অনুষ্ঠিত হ'বলগা এই অনুষ্ঠানতেই ৰাইদঙ্গীয়াৰ ১০২বছৰীয়া সত্ৰীয়া শিল্পী বিহুৰাম শইকীয়াক কলংপৰীয়া বঁটা প্ৰদান কৰা হ'ব। মঙলবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে 'সৃষ্টি'ৰ মূল উদ্যোক্তা বিধায়ক ৰূপক শৰ্মাই।
Also Read: কামপুৰৰ লেখক-শিল্পী ভাৰত হাজৰিকাৰ বিয়োগ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us