কামপুৰৰ লেখক-শিল্পী ভাৰত হাজৰিকাৰ বিয়োগ...

কামপুৰৰ লেখক-শিল্পী ভাৰত হাজৰিকাৰ বিয়োগ...

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ কপিলীপাৰৰ সৰবৰহী ব্যক্তি তথা লেখক ভাৰত হাজৰিকা (৮৩)ৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে নিচেই পুৱা কাৱৈমাৰীৰ নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰয়াত হাজৰিকাই ল'ৰালিৰে পৰা ভাওনাৰ সাজপাৰ অতি নিখুঁতভাৱে নিৰ্মাণ কৰি আহিছিল আৰু মধ্য অসমৰ বহু ঠাইত তেওঁৰ সাজপাৰে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা প্ৰয়াত হাজৰিকাই কেইবাখনো গ্ৰন্থ লিখাৰ লগতে সমাজখনক একতাৰ জৰীৰে বান্ধি ৰখাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছিল। প্ৰয়াত হাজৰিকাই কপিলীপাৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিষ্ণুপুৰী থান উন্নয়ন সমিতিৰ সদস্য তথা উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

সৰবৰহী ব্যক্তিগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাত যথেষ্ট গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে। হাজৰিকাৰ বিয়োগত কাৱৈমাৰী গাওঁ উন্নয়ন সমিতি, বিষ্ণুপুৰী থান উন্নয়ন সমিতি, গাৰোখুন্দা বুঢ়াডাঙৰীয়া বৰনামঘৰ বিহু উদযাপন সমিতি, গাৰোখুন্দা জাতীয় বিদ্যালয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰয়াত হাজৰিকাই মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, বোৱাৰী, নাতিসহ যথেষ্ট আত্মীয় স্বজন ইহ্ সংসাৰত এৰি থৈ গৈছে ।

কামপুৰৰ লেখক-শিল্পী ভাৰত হাজৰিকাৰ বিয়োগ...
আন্তঃৰাজ্যিক অনলাইন তীৰ খেল চক্ৰৰ কবলত বৰহোলা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in