শিক্ষা বিভাগৰ উদ্যোগত নগাঁও-হোজাইত স্কুটী বিতৰণ

শিক্ষা বিভাগৰ উদ্যোগত নগাঁও-হোজাইত স্কুটী বিতৰণ

ডিজিটেল সংবাদ,নগাঁও : বৃহস্পতিবাৰে নগাঁৱৰ নেহৰুৱালীত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ কৰা হয়। শিক্ষা আহৰণৰ জোনাকী যাত্ৰাৰ পথ সুগমৰ উদ্দেশ্যে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা নগাঁও আৰু হোজাই জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আচঁনিৰ অধীনত “ড°বাণীকান্ত কাকতি মেধা বঁটা” প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হয়।

এই বঁটা প্ৰদান অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বঁটা বিতৰণ কৰি তেওঁ ভাষণত কয় যে, ছাত্ৰ-ছাত্ৰীসকল ৰাজ্য আৰু দেশৰ ভৱিষ্যত আৰু এই ধৰণৰ বঁটাই তেওঁলোকক ভৱিষ্যতৰ প্ৰচেষ্টা আৰু জাতি সেৱাত ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব।

এই চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে অদম্যভাৱে কাম কৰি আহিছে।সেয়া ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰতেই হওক বা শৈক্ষিক প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতেই হওক বুলি উল্লেখ কৰে।

২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ ২৮৯১ গৰাকী আৰু হোজাই জিলাৰ ১৫৪০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই বর্ষত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হৈছে । আজিৰ এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে ১১ গৰাকী শিক্ষাৰ্থীক মুখ্য অতিথিয়ে বঁটা প্ৰদান কৰে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকললৈ এই বঁটাৰ জৰিয়তে স্কুটাৰ প্ৰদান কৰা হয় । উক্ত সভাত নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ অধ্যক্ষ শৰৎ বৰকটকীয়ে বঁটা প্ৰাপ্ত ছাত্ৰ- ছাত্ৰী সকলৰ নথি পৰীক্ষাৰ প্ৰক্ৰিয়াৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে ।

আজিৰ এই অনুষ্ঠানতে পথ সুৰক্ষাৰ হেতু অসম চৰকাৰে প্ৰস্তুত কৰা এখন শ্ৰৱ্য-দৃশ্যৰ প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

সভাত নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস, নগাঁও জিলা পৰিষদৰ অধ্যক্ষা মুন মনি দাস বৰা, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, অতিৰিক্ত আয়ুক্ত (শিক্ষা) নগাঁও লক্ষ্য জ্যোতি দাস, বিশিষ্ট সমাজকৰ্মী বাবুল বৰা, অন্যান্য বিশিষ্ট আমন্ত্ৰিত অতিথিকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে ।

শিক্ষা বিভাগৰ উদ্যোগত নগাঁও-হোজাইত স্কুটী বিতৰণ
নগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি মাৰাত্মক এইডছ আক্ৰান্তৰ সংখ্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in