যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত মাজপাথৰিত পাঞ্জা খেলৰ সফল আয়োজন

যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত মাজপাথৰিত পাঞ্জা খেলৰ সফল আয়োজন

author-image
Asomiya Pratidin
New Update
যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত মাজপাথৰিত পাঞ্জা খেলৰ সফল আয়োজন

ডিজিটেল সংবাদ,উৰিয়াগাঁও: দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ অন্তৰ্গত মাজ পাথৰি শাখা সমিতিয়ে নগাঁও জিলা ভিত্তিত মাজ পাথৰি উচ্চ মাধ্যমিক বিদ্যালয়ত পাঞ্জা‌ খেলৰ আয়োজন কৰে। উক্ত খেলখনৰ পতাকা উত্তোলন কৰে মাজ পাথৰি শাখা সমিতিৰ সভাপতি আশীষ শইকীয়া আৰু শ্বহিদ তৰ্পণ কৰে আৰু সাধাৰণ সম্পাদক জয়ন্ত শইকীয়াই।

Advertisment

উক্ত খেলখন উদ্বোধন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই কয় যে‌, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সংগ্ৰামী ধাৰাৰ সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বিভিন্ন সময়ত প্ৰতিযোগিতামূলক ক্ৰীড়াসমূহ অনুষ্ঠিত কৰি আহিছে।

এনেকুৱা ধৰণৰ খেলৰ জৰিয়তে যুৱক-যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলক অসামাজিক কাৰ্য কলাপ যেনে ড্ৰাগছ,মদ,ভাং আদি নিচাজাতীয় সামগ্ৰীৰ পৰা আতৰাই ৰাখিব পাৰি।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জিলা সমিতিৰ প্ৰচাৰ সম্পাদক দৰ্শন কাকতি, বিত্ত সম্পাদক দিপাংকৰ শৰ্মা, উৰিয়াগাও আঞ্চলিকৰ উপ-সভাপতি ৱাহিদুৰ ৰহমান, সাধাৰণ সম্পাদক শুভজিৎ গগৈ, যুটীয়া সম্পাদক নৱাৰুণ বৰা, পুৰণিগুদাম আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰাণকৃষ্ণ ডেকা।

তিনিটা শাখাত অনুষ্ঠিত পাঞ্জা খেলখন পৰিচালনা কৰে শ্বাহিল আনোৱাৰ হুছেইন আৰু ৰোমান হাজৰিকাই। শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন বাতৰি লিখা পৰলৈকে তিনিওটা ৰাউণ্ডত ৩০ জন খেলুৱৈয়ে অগ্ৰগতি লাভ কৰিছে।

Also Read: চিনেমাত এণ্টাৰটেইনমেণ্টৰ সৈতে সামাজিক দায়বদ্ধতাৰো প্ৰয়োজনঃ 'বিদুৰভাই' তাৰেই উদাহৰণ...

uriyagaon