ডিজিটেল ডেস্কঃ 'চিনেমা এখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নিৰ্মাতাৰ এক নিজা দৃষ্টি থাকে। কিছুমান চিনেমা নিৰ্মাণ কৰে সৃ্ষ্টিৰ তাড়নাত। 'বিদুৰভাই'ৰ দৰে চিনেমা নিৰ্মাণ কৰোঁতে নিৰ্মাতাই জানে এইখন অসমতে চলিব। কিন্তু 'হালধীয়া চৰায়ে বাওঁ ধান খায়', 'ভিলেজ ৰকষ্টাৰ'ৰ দৰে চিনেমা নিৰ্মাণ কৰোঁতে কোনেও নাভাবে তেওঁৰ বজাৰ কি হ'ব।'- এই মন্তব্য প্ৰাক্তন চিত্ৰ সমালোচক তথা চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ।
'দ্য কনক্লেভ-২০২৪' ৰ দ্বিতীয় দিনটোৰ অন্তিম আলোচনা চক্ৰত আজি সাংস্কৃতিক বিষয় সামৰি লোৱা হয়। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত গোলকীয় দৰ্শকৰ কাষ চাপিবলৈ লক্ষ্য, স্পৃহা, সৃজনশীলতাৰ কোনবোৰ সমলৰ প্ৰয়োজন সেই সন্দৰ্ভত বস্তুনিষ্ঠ আলোচনা হয়। এই আলোচনাত অংশগ্ৰহণ কৰে বলিউডৰ সংগীত শিল্পী জয় বৰুৱা, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি নিৰ্মাতা ডমিনিক ছাংমা, ছবি নিৰ্মাতা আৰু প্ৰাক্তন চিত্ৰ সমালোচক উৎপল বৰপূজাৰী, কল্যাণ বৰুৱাই।
অনুষ্ঠানত উৎপল বৰপূজাৰীয়ে নিজকে এগৰাকী সাংবাদিকৰ পৰিবৰ্তে ছবি নিৰ্মাতা হিচাপেহে পৰিচয় দি ভাল পায় বুলি উল্লেখ কৰি কয়, এগৰাকী চিত্ৰ সমালোচক হিচাপে দীৰ্ঘদিন ধৰি কাম কৰাৰ বাবে মোৰ ছবিসমূহত তাৰ প্ৰভাৱ নিশ্চয়কৈ থাকে। গোলকীয় দৰ্শকক স্পৰ্শ কৰিবলৈ হ’ল সকলোৰে লক্ষ্য থাকিবই লাগিব।
তেওঁ কয়, স্থানীয় বিষয় এটাক গোলকীয় দৰ্শকৰ কাষলৈ লৈ যাবলৈ হ'লে সেই বিষয়ৰ সাৰ্বজননীতা থাকিব লাগিব। 'ভিলেজ ৰকষ্টাৰ'ত সেই সাৰ্বজননীতা আছিল। নিৰ্মাতাৰ সৃজনশীলতা বা ক্ৰিয়েটিভি আছে নে নাই সেয়া দৰ্শকে বিচাৰ কৰিব।
সংগীত শিল্পী জয় বৰুৱাই এগৰাকী ব্যক্তিৰ নিচা আৰু পেছাৰ মাজত এক ভাৰাসাম্য থাকিব লাগে বুলিও কয়। এই ভাৰাসাম্যই গান বা তেনে সৃষ্টিশীল কাম এটাক অধিক সুন্দৰ কৰি তোলে। বৰুৱাই তেওঁৰ প্ৰসংগত কয় যে, বহুতেই মোক ৰক শিল্পী বুলি কয়। কিন্তু মই সংগীতৰ সকলো বিষয় জানো। ক’ত বিহু কৰিব লাগে ক’ত ক্লাছিকেল কৰিব লাগে মই জানো। অৱশ্যে মই নিজেই ৰক ভাল পাওঁ।
মেঘালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ চিত্ৰ নিৰ্মাতা ডমিনিক ছাংমাৰ যাত্ৰাৰ সন্দৰ্ভত তেওঁ কয়, মই মেঘালয়ৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আহিছো। পাহাৰৰ ওপৰত থকা মোৰ ঘৰৰ পৰা তললৈ নামি স্কুললৈ যোৱাৰ বাবে প্ৰায় ৫ কিলোমিটাৰ খোজ কাঢ়িব লাগিছিল। স্কুলৰ পৰা ঘূৰি অহাৰ সময়ত মই বিভিন্ন কাহিনী কল্পনা কৰিছিলো। এই কল্পনাত মই কেতিয়াবা নিজেই খলনায়ক হৈছিলো, কেতিয়াবা কিছু পৃষ্ঠভূমি তৈয়াৰ কৰি নতুন কাহিনী সৃষ্টি কৰিছিলো। এনেকৈয়ে পাহাৰলৈ উঠি যোৱাৰ গোটেই পথৰ দুখ, ভাগৰ পাহৰি গৈছিলো। সেইবোৰ কাৰকে মোৰ মনত ছবি নিৰ্মাণৰ হয়তো বীজ ৰোপণ কৰিছিল।
একাদশ, দ্বাদশ শ্ৰেণীত শ্বিলঙত অধ্যয়ন কৰি থকাৰ সময়ত জাহ্নু বৰুৱাৰ কৰ্মাশালাত অংশগ্ৰহণ কৰিছিলো। এই কৰ্মশালাত অংশগ্ৰহণ কৰি ফিল্ম স্কুললৈ যোৱাৰ কথা চিন্তা কৰো। তাৰ পাছতেই মই কলকাতালৈ যাওঁ। মোৰ সপোন আছিল মুম্বাইলৈ যাম আৰু চিনেমা নিৰ্মাণ কৰিম।
কিন্তু পাছত মই অনুভৱ কৰো মই ঘৰলৈ উভতি যোৱাৰহে প্ৰয়োজন। মোৰ নিজৰ স্থানৰ ওপৰত চিনেমা নিৰ্মাণ কৰি গ্লোবেল দৰ্শকৰ মাজলৈ লৈ যোৱা উচিত। এইদৰেই মই চিনেমা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলো। অৱশ্যে এই ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানো আছিল।
অৱশ্যে ডমিনিক ছাংমাৰ এই প্ৰত্যাহ্বানকেই তেওঁৰ সুবিধা কৰি লৈছিল বুলি মন্তব্য কৰে বৰপূজাৰীয়ে। অভিনেতাৰ অভাৱৰ বাবেই তেওঁৰ প্ৰথমথন চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল দেউতাকে। দ্বিতীয়খন চিনেমা নিজৰ গাঁৱতে নিৰ্মাণ কৰে আৰু এই চিনেমা ফ্ৰান্সৰ চিনেমা হলত মুক্তি লাভ কৰে। গাড়ো ভাষী অঞ্চলত চিনেমা হল নথকাৰ বাবে তেওঁ এই চিনেমা তেওঁ মেঘালয়ৰ টুৰাৰ লাইব্ৰেৰীত প্ৰদৰ্শন কৰিছিল। ইয়াত দুসপ্তাহত মুঠ ৪২ বাৰ প্ৰদৰ্শন কৰা হৈছিল আৰু প্ৰতিটো দৰ্শনীতে ৫০০ ৰো অধিক দৰ্শক আছিল।
কল্যাণ বৰুৱাই বিশ্ব দৰ্শকক স্পৰ্শ কৰিবলৈ আমি কি কৰিব পাৰো সেই সন্দৰ্ভত নিজা ৩০ বছৰৰো অধিক অভিজ্ঞতাৰ আধাৰত কয়, প্ৰথমেই লাগিব 'পেছন'। মনে যি বিচাৰে সেয়া কৰিব লাগে। কেতিয়াবা কিছু কাম প্ৰফেচনেল কাৰণত কৰো। কিন্তু সেই কাম কৰিবলৈকো নিজৰ বিশ্বাস, স্পৃহা থাকিব লাগিব। সংগীত, চিনেমাৰ কোনো ভাষা নাই।
নিচা আৰু পেছাক একাকাৰ কৰাৰ পাছত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হোমেন বৰগোহাঁঞিয়ে বহু সৃষ্টিশীল কাম কৰিলে। তেওঁলোকৰ পৰা অসমে বহু সৃষ্টি পালে। গতিকে নিচা আৰু পেছা একাকাৰ নকৰিলে এজন সৃষ্টিশীল ব্যক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা থাকে নেকি?
এনে এক প্ৰশ্নৰ উত্তৰত কল্যাণ বৰুৱাই কয়, এসময়ত আমি নিজৰ আৰ্ট লৈ বাস্তৱিক জীৱনখনত জীয়াই থাকিব পাৰিম নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছিল। আৰম্ভণিতে ময়ো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিলো। চাকৰি কৰিছিলো। তেতিয়া সংগীতক বেছি সময় দিব পৰা নাছিলো। কিন্তু যেতিয়া লাহে লাহে বুজি পালো সংগীতত কিবা এটা কৰিব পাৰিম তেতিয়াই লাহে লাহে সংগীতক দিয়া সময় বঢ়াই আনি এতিয়া ২৪ ঘণ্টা, ৩৬৫ দিনেই সংগীতক দিও।
সৃষ্টিশীল কামত সময় বেছি দিলেহে সৃষ্টি হ’ব। কেতিয়াবা সৃষ্টি নহবও পাৰে। এসময়ত লাকী আলীয়ে কাৰ্পেট পৰিস্কাৰ কৰিছিল, ঘোঁৰা ধুইছিল। তেতিয়াও গীত ৰচনা কৰিছিল। কিন্তু যেতিয়াই সংগীতক সম্পূৰ্ণ সময় দিলে তেতিয়া সংগীতক লৈ আৰু অধিক ছিৰিয়াছ হৈ পৰিল।
এখন ছবিৰ বাণিজ্যিক সফলতা, এন্টাৰটেইণমেণ্টৰ লগতে এজন চিত্ৰ নিৰ্মাতাই ছবিত নৈতিকতা, মানৱীয়তা, প্ৰমূল্যবোধৰ শিক্ষা দিবলৈ বিচাৰিলে কেতিয়াবা সেই ছবি বাণিজ্যিক সফল নহ’বও পাৰে। দক্ষিণৰ কিছু বাণিজ্যিক ভাৱে সফল ছবিৰ অনুকৰণত অসমীয়া ভাৰ্ছন এটা উলিয়াই দি বাণিজ্যিকভাৱে সফল হৈছে। তাত অসমীয়া সমাজ, সংস্কৃতি, মূল্যবোধৰ শিক্ষা নাথাকে। এই দুয়োটা দিশকে লৈ অসমৰ প্ৰেক্ষাপটত ছবি নিৰ্মাণ কৰাটো সহজনে?
এনে প্ৰশ্নৰ উত্তৰত উৎপল বৰপূজাৰীয়ে কয়, সামাজিত দায়িত্ববোধেৰে চিনেমা নিৰ্মাণ সম্ভৱ। অসমীয়া চিনেমাৰ ইতিহাসৰ আটাইতকৈ সফল চিনেমা 'বিদুৰভাই'ত সেই সামাজিক দায়বদ্ধতা আছে। এনেকুৱা চিনেমা হিট হোৱা মানে মানুহে তেনে চিনেমা বিচাৰে।
অসমৰ চিনেমাৰ ইতিহাসলৈ মন কৰিলে আমি দেখিম যিখিনি চিনেমা আমি মনত ৰাখিছো তাত মাটিৰ গোন্ধ আছে। বাহিৰৰ পৰিপ্ৰেক্ষিতত যদিও চাওঁ তেতিয়াও দেখিম সামাজিক বাৰ্তা বাহক চিনেমা চুপাৰ হিট হৈছে। মুন্না ভাই এম বি বি এছ, থ্ৰি ইডিয়টছ আদি তেনে চিনেমা।
সকলোৱে নিজা নিজা চিন্তাৰে বাৰ্তা দিয়ে। বলিউডত ডেভিড ধাৱন, ৰোহিত চেত্ৰীয়ে বেলেগ ধৰণৰ চিনেমা নিৰ্মাণ কৰে, অসমত জাহ্নু বৰুৱাই বেলেগ ধৰণৰ চিনেমা নিৰ্মাণ কৰে সুব্ৰত কাকতিয়ে বেলেগ ধৰণৰ চিনেমা নিৰ্মাণ কৰে। গতিকে সামাজিক দায়বদ্ধতাক ভাৰাসাম্য ৰাখি চিনেমা নিৰ্মাণ কৰাৰ কথা মনত ৰাখিব লাগিব। শিল্প বাণিজ্য নহয়, শিল্পৰ যোগেদি বাণিজ্য বেলেগ কথা কিন্তু বাণিজ্যৰ জৰিয়তে শিল্প নহয়।
তাৰোপৰি তেওঁ কয়, কিছুমান চিনেমা স্থানীয় দৰ্শকৰ বাবেই নিৰ্মাণ কৰা হয়। কিন্তু কিছুমান চিনেমা স্থানীয় বিষয়ক লৈ নিৰ্মাণ কৰিলেও বিশ্ব মঞ্চলৈ যায়। ডমিনিকৰ 'ৰেপছাৰ' নামৰ চিনেমাখন ফ্ৰান্সৰ ২৮ টা হলত মুক্তি লাভ কৰি এমাহ চলিছে। তেওঁৰ চিনেমা লোকাৰ্ণৰ ফিল্ম ফেষ্টিভেললৈ গৈছে। য'ত জাহ্নু বৰুৱাৰ হালধীয়া চৰায়ে বাওধান খায় চিনেমা প্ৰদৰ্শন হৈছিল আৰু ইন্দ্ৰ বণিয়াই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। তাৰ পাছতেই উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন চিনেমা হিচাপে ডমিনিকৰ 'ৰেপছাৰ' তালৈ গৈছে। গতিকে চিনেমাখন নিৰ্মাণ কৰাৰ পূৰ্বে এই কথা মনত ৰাখি নিৰ্মাণ কৰা হোৱা নাছিল। কিন্তু চিনেমাৰ বিষয়টো সাৰ্বজননী হোৱাত বিশ্ব মঞ্চলৈ নিজেই গতি কৰিছে।
এই প্ৰসংগৰে আঁত ধৰি কল্যাণ বৰুৱাই কয়, পইছাৰ কথা চিন্তা কৰিলে কেতিয়াও সৃষ্টি নহয়। প্ৰথমে নিজৰ ভাল লাগিবলৈ সৃষ্টি কৰিব লাগিব। তাৰ পাছতহে সৃষ্টি হ'ব। বাণিজ্যিক ভাৱে সফল গান, চিনেমা নিৰ্মাণ কৰাৰ আঁৰচো নিৰ্মাতাই তেওঁলোকৰ ভাল লগা বাবেই নিৰ্মাণ কৰিছে। আমাৰ কাৰণে তেওঁলোকৰ কাম সস্তিয়া হ'ব পাৰে কিন্তু তেওঁলোকৰ বাবে সেয়া ডাঙৰ কাম।
অসমত শেহতীয়াকৈ আৰম্ভ হোৱা মন গীতৰ সৈতে গ্লোবেল অডিয়েনছৰ কথাও জড়িত হৈ আছে নেকি? এনে প্ৰশ্নৰ উত্তৰত জয় বৰুৱাই কয়, শিল্পীয়ে কিয় শিল্পৰ সৃষ্টি কৰে? বহুতেই কথা ক'ব নাজানে। সেয়ে কিছুমানে ক'বলগীয়া কথা আঁকি দিয়ে, বা বেহেলা খনেৰে বজাই দিয়ে।
আৰ্টিষ্টৰ আৰম্ভণিতেই নিগেটিভ হয়। আটাইতকৈ ডাঙৰ কথা অসমৰ আটাইতকৈ ডাঙৰ মিউজিক কমপ'জাৰ ৰমেন বৰুৱা খোজকাঢ়ি গৈ পানীত নাইকিয়া হৈ গ'ল। আৰ্টিষ্টে কেনেকৈ সৃষ্টি কৰে, তাৰ শিপা কি মানুহে বুজি নাপায়।
শিল্পী গঢ়িবলৈ স্কুল নাই। শিল্পী এজন অন্ধকাৰত গঢ়লৈ উঠে। মন গীতৰ মূল কথা আছিল সেই অন্ধকাৰ দূৰ হওঁক। বছৰত তিনি দিন হওলেও এই ল'ৰা, ছোৱালীখিনিৰ বুকুত থকা কথাখিনি শুনিবলৈ আদিল হুছেইন আছে, উৎপল বৰপূজাৰী আছে, পাপন, জয় বৰুৱা আছে। যাৰ কোনো নাই তেওঁলোকৰ বাবে তিনি দিনত কাৰোবাক কাষত পোৱাটোৱেই ডাঙৰ কথা।
Also Read: সংবাদ মাধ্যমৰো জলবায়ু পৰিবৰ্তন হৈছে !