কাৰ স্বৈৰাচাৰীতাত চলে শিলঘাট মৰাপাট কল ? কৰ্মচাৰীৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ

কাৰ স্বৈৰাচাৰীতাত চলে শিলঘাট মৰাপাট কল ? কৰ্মচাৰীৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ

ডিজিটেল সংবাদ, কলিয়াবৰঃ সমবায় খণ্ডত দেশৰ ভিতৰতে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটত প্ৰতিষ্ঠিত একমাত্ৰ অসম সমবায় মৰাপাট কলটোৱে সুদীৰ্ঘ বছৰ ধৰি বিভিন্ন প্ৰত্যাহ্বান, ঘাত-প্ৰতিঘাত নেওচি যেনে তেনে উৎপাদনক্ষম হৈ থকাৰ সময়তে উদ্যোগটোৰ ভিতৰ চ'ৰাত সংঘটিত ব্যাপক দুৰ্নীতিয়ে উদ্যোগটোৰ একাংশ বিষয়া, কৰ্মচাৰীৰ লগতে সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে । উল্লেখ্য যে, মৰাপাট কলটোৰ আন্তঃ গাঠনি নির্মাণ আৰু দ্বিতীয়টো উৎপাদন গোটৰ নির্মাণ কাৰ্য্যত সংঘটিত হোৱা দুৰ্নীতিৰ সদৰ্ভত কলঘৰটোৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে উচিত তদন্তৰ দাবীত কলটোৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তলৈ প্ৰেৰণ কৰিছে এখনি স্মাৰক পত্ৰ।

লক্ষণীয় যে, এসময়ৰ লাভজনক মৰাপাট উদ্যোগটোৰ অৱস্থা বৰ্তমান অতি পুতৌজনক ৷ শেহতীয়াকৈ উদ্যোগটোৰ পৰিচালনা মণ্ডলীৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ প্ৰচেষ্টাত অসম চৰকাৰে মিলৰ আন্তঃগাঠনি উন্নয়ণৰ বাবে প্ৰায় ১০ কোটি টকা ঋণ আগবঢ়োৱাৰ লগতে দ্বিতীয়তো উৎপাদন গোট নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে প্ৰায় ৪৪ কোটি টাকা ( এন চি ডি চি এইছ) ফালৰ পৰা আৱন্টন দিয়া হৈছিল।

বুজন পৰিমানৰ ধনেৰে বিহডুবিত পৰিত্যক্ত অৱস্থাত থকা বয়ন উদ্যোগটোকে আধুনিকীকৰণ কৰি মৰাপাট উদ্যোগটোৰ এটা দ্বিতীয় ইউনিট স্থাপন কৰিছে যিটো ইউনিটত কলিয়াবৰৰ লগতে অন্য জিলাৰ নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰাৰ পথ প্ৰশস্ত হৈ উঠিছে । কিন্তু এই ভাল কাম কৰিবলৈ যোৱাৰ অন্তৰালত এটা দুষ্ট চক্ৰই ব্যাপক দুর্নীতৰ পাহাৰ গঢ়ি তোলাৰ বুলি অভিযোগ উঠিছে।

ইয়াৰ উপৰিও প্ৰথমটো ইউনিটৰ আন্তঃগাঠনি উন্নয়ণৰ বাবে আগবঢ়োৱা প্ৰায় ১০ কোটি টকাৰে মিলৰ কাৰ্য্যালয় উন্নয়নৰ কাম কৰাৰ লগতে অন্যান্য কামতো ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি কলটোত কৰ্মৰত প্ৰায় ১৬ গৰাকী বিষয়া কৰ্মচাৰীয়ে কলটোৰ অধ্যক্ষ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ প্ৰেৰিত স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ খনিয়ে উদ্যোগটোৰ আভ্যন্তৰত অব্যাহত ব্যাপক দুৰ্ণীতি-অনিয়ম সন্দৰ্ভত উন্মোচন ঘটোৱা ন-ন তথ্যই সম্প্ৰতি কলিয়াবৰৰ ভিন ভিন অঞ্চলত বিশেষ আলোচনাৰ বিষয় হৈ পৰিছে ৷

চৰকাৰৰ দ্বাৰা আৱন্টিত উক্ত বুজন পৰিমানৰ ধন ৰাশি লুন্ঠনৰ অভিপ্ৰায়ৰে কোনো বিধি ব্যৱস্থা নোহোৱাকৈ উদ্যোগটোক অধিক উৎপাদনক্ষম কৰি তোলাত গুৰুত্ব আৰোপ নকৰি অপ্ৰয়োজনীয় আৰু সস্তীয়া নিৰ্মাণ কাৰ্যত হাত উজান দি ধন শৰাধ কৰাৰ ব্লু’প্ৰিন্ট ৰচনা কৰিছে পৰিচালনা মণ্ডলীৰ এজন বিষয় বৱীয়াই ৷ উদ্যোগটোৰ পৰিচালন সঞ্চালক গুনমনি গগৈৰ দুৰ্বলতা আৰু অদক্ষতাৰ সুযোগ গ্ৰহণ কৰি পৰিচালনা মণ্ডলীৰ জনৈক বৰা উপাধিৰ সুযোগ সন্ধানী ঠিকাদাৰ তথা ব্যৱসায়ী লোকজনে উদ্যোগটোত চলাই গৈছে স্বৈৰাচাৰী শাসন চলোৱা অভিযোগ উঠিছে ৷

মন যোৱা বিষয়টোৱেই নিয়মলৈ পৰ্যবসিত কৰা পৰিচালনা মণ্ডলীৰ সদস্য গৰাকীৰ হিটলাৰী ভূমিকা আৰু লুণ্ঠনৰাজৰ প্ৰক্ৰিয়ক লৈ বাৰুকৈয়ে শংকিত হৈ পৰিছে উদ্যোগটোৰ বিষয়া-কৰ্মচাৰী সকল ৷ উদ্যোগটোৰ পৰিচালক কেইগৰাকীক ৰাবাৰ ষ্টাম্প ৰূপে ব্যৱহাৰ কৰি সৰ্বদিশতে লুণ্ঠনৰ হাতোৰা মেলি ধৰা ৰজাঘৰীয়াৰ আৰ্শীবাদপুষ্ঠ পৰিচালনা মণ্ডলীৰ এইগৰাকী সদস্যই কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰটো সমগ্ৰ প্ৰক্ৰিয়াটকে ভৰিৰে মোহাৰি প্ৰত্যক্ষ ভাৱে হাত উজান দি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে যি এটা উদ্যোগৰ বাৱে অশুভ পৰম্পৰা ৷

সেয়েহে পুনৰ অপমৃত্যুৰ আশংকা ঘনীভূত হৈ উঠাৰ পূৰ্বেই এশ শতাংশ থলুৱা নিবনুৱাক সংস্থাপিত কৰি অহা উদ্যোগটোৰ প্ৰতি যাতে কোনো ধৰনৰ প্ৰত্যাহ্বান সৃষ্টি নহয় তাৰেই প্ৰাৰম্ভিক পদক্ষেপ হিচাপে পৰিত্ৰান বিচাৰি বিষয়া-কৰ্মচাৰী সকলে পৰিচালনা মণ্ডলীৰ সভাপতি গৰাকীক বিহীত ব্যৱস্থাৰ দাৱীৰে স্মাৰকপত্ৰ খন প্ৰদান কৰিছে ৷ স্মাৰক পত্ৰ খনত উল্লেখিত অভিযোগ সমূহ হৈছে এনেধৰণৰ- মিলৰ দ্বিতীয়টো ইউনিটৰ কৰ্মী থাকিবৰ বাবে পাৱাৰ হাউচৰ কাষত নিৰ্মাণ কৰা ঘৰটোৰ ৩/৪ টা কোঠাৰ ওৱাল ফাটি নষ্ট হৈ যায়। কাৰ ভুল নির্দেশনাত নতুন মাটিৰ ওপৰত গৃহ নিৰ্মাণ কৰা হৈছিল, ইয়াৰ উচিৎ তদন্ত হব লাগে ।

দ্বিতীয়টো ইউনিটৰ কৰ্মী থাকিবৰ বাবে নিৰ্মাণ কৰা চটাইবেৰৰ ঘৰটো নিৰ্মাণৰ নামত প্ৰায় ২১ লাখ টকা ব্যয় হয়। টিং,বাঁহ আৰু চটাই বেৰৰে নিৰ্মিত এনে এটা গৃহ নিৰ্মাণ কৰোতে সাধাৰণতে ২১ লাখ টকা ব্যয় হব নালাগে ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, এই গৃহটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত দায়িত্বত থকা লোকে বহু লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। কলৰ নিয়ম বহীঃভূতভাবে আৰু সঠিক পৰিকল্পনা অবিহনে বহু পকা কামৰ নিৰ্মাণৰ কাম বৰ্তমান চলি আছে, যিসকল পকা মিস্ত্রী এই কামৰ লগত জড়িত তেঁওলোকেই নিজেই নাজানে কামটো কিমান টকাত কৰি আছে। কেৱল মাত্ৰ আগধন লৈ কামসমূহ ৰূপায়ন কৰি গৈ আছে ।

মিলত উৎপাদিত বেগৰ বেল সমূহ বিহডুবী মিললৈ নিবৰ বাবে ৫ খন ট্ৰেক্টৰ ব্যৱহাৰ কৰা হৈছে এই ক্ষেত্ৰত শ্ৰমিকে সকলো কাম কৰাৰ ওপৰিও প্ৰায় ২০/২৫ জন ট্ৰেক্টৰ কৰ্মচাৰীক কোনো কাম নকৰাকৈ অবাৱত মজুৰী প্ৰদান কৰি থকাৰ ৰহস্য কি হ'ব পাৰে তাক লৈ কলৰ ভিতৰে বাহিৰে চৰ্চা লাভ কৰিছে। কলৰ প্ৰথম ইউনিটৰ মুখ্য কাৰ্য্যালয় মেৰামতিৰ বাবদ কেইবা লাখ টকা আগধন হিচাপে দায়িত্বত থকা ঠিকাদাৰে সংগ্ৰহ কৰিছে। এই ক্ষেত্ৰত নীতিগতভাবে কোনোধৰণৰ পৰিকল্পনা আৰু বাজেট নির্ধাৰণ নকৰাকৈ কামখিনি চলাই নিয়া হৈছে।

যাৰ ফলত মিলৰ কেইবা লাখ টকা অপচয় হোৱাৰ পূৰ্ণ সম্ভাবনা আছে। কলটোত Hydrant system কামৰ বাবে নগাঁৱৰ এম/ এছ এ,পি, এন্টাৰপ্ৰাইজ নামৰ প্রতিষ্ঠানক ৯৩,২৮,৮৮৬.০০ টকাত আৱন্টন দিয়া হৈছে। উক্ত কামটো উচ্চ হাৰত কৰিবলৈ দিয়া বুলি অভিযোগ কৰি বিষয়টো অনুসন্ধানৰ বাবে আহ্বান জনায়।

দ্বিতীয়টো ইউনিটটো নিৰ্মাণৰ নামত ৬৫,৮১,৩৯৬.০০ টকা আৰু অভ্যান্তৰীণ ওৱাৰিং এল টি কেবোল মেকিং অফ পাৱাৰ ৰিচিভিঙ পেনেলৰ কামৰ বাবদ ৬২,৯৩,৩৯৭ টকা আৱন্টন দিয়া হৈছিল। উক্ত কামটো উচ্চ হাৰত কৰা বুলি অভিযোগ উঠাৰ লগতে বিষয়টো সঠিক তদন্তৰ প্ৰয়োজন আছে বুলি কৰ্মচাৰী সকলে অভিযোগ উত্থাপিত কৰিছে । মিলৰ যিকোনো সামগ্ৰী “ষ্ট’ৰ” বিভাগৰ জৰিয়তে ক্ৰয় কৰিব লাগে যদিও প্রচলিত নাতি- নিয়মৰ বিপৰীতে গৈ অকৰ্তৃত্বশীল আৰু অনভিজ্ঞ ব্যক্তিৰ হতুৱাই সামগ্ৰী সমূহ ক্ৰয় কৰা বিষয়টো অতি ৰহস্যজনক।

কলৰ অভ্যন্তৰীণ প্ৰশাসনিক ব্যৱস্থা বা যি কোনো বিষয়ত বৰ্ডৰ সন্মানীয় সদস্য সকল অন্তভূক্ত হ'ব নালাগে যদিও কলৰ ব্যৱসায় বাণিজ্যতো পৰিচালনা মণ্ডলীৰ সদস্য পৰোক্ষভাবে অন্তৰ্ভূক্ত হোৱাটো পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত কলৰ উপ-বিধি উলংঘা কৰা হৈছে বুলিও ক্ষুব্ধ কৰ্মচাৰী সকলে অভিযোগ উত্থাপিত কৰিছে । মৰাপাট ক্রয়ৰ ক্ষেত্ৰটো কোনোধৰণৰ নীতি মানি নচলাৰ ওপৰিও কিছু ব্যক্তি বিশেষক বিশেষ সুবিধা দি অন্য যোগানকাৰীক বঞ্চিত কৰাৰ লগতে মৰাপাট ক্রয় চুক্তি সমূহত বিসংগতি চলি আছে। সমগ্র ব্যৱস্থাটো দুই এজন ব্যক্তিৰ নিৰ্দেশনাত নীতি বহিঃভূত কাম কৰি কিছুমান যোগানকাৰীক লাভান্বিত কৰা হৈছে।

কলৰ বিভিন্ন নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ বিভিন্ন সামগ্ৰী নিশাৰ ভাগত অনা হয়, যিটো কলৰ নিয়মৰ পৰিপন্থী। বিশেষ অসুবিধাত সামগ্রী অনা গাড়ী নিশা কললৈ আহিলেও সেই গাড়ী ৰাতিয়েই খালি কৰা নহয় ৰাতিপুৱা এজন দায়িত্বশীল বিষয়াই পৰিদৰ্শন কৰাৰ পাছতহে সামগ্ৰী নমোৱা হয়।

কিন্তু বর্তমান সেই নিয়ম মৰাপাট কলটোত দেখিবলৈ নেপোৱাতো অতিশয় দুৰ্ভাগ্যজনক। মিলৰ চাইকেল ষ্টেণ্ড ভাঙি সেই ঠাইত কেইবা লাখ টকা খৰছ কৰি এখন দোকান নির্মাণ কৰা হৈছে, যাৰ ফলত কাৰখানালৈ অহা শ্রমিকে নিজৰ চাইকেলখন ৰ'দ বৰষুণত বাহিৰত ৰাখিব লগা হৈছে। ইয়াৰ ওপৰিও মিলৰ ফালৰ পৰা কোনো নিবিদা নিদিয়াকৈ মিলৰ কৰ্মী সন্থাৰ এজন বিষয়-ববীয়াক দোকানখন ভাড়াত দিয়া হৈছে বুলি প্ৰশ্ন উত্থাপন হৈছে।

মৰাপাট কলটোৰ বিক্ৰী কেন্দ্ৰৰ কাষতে নতুনকৈ নিৰ্মাণ কৰা দোকান ঘৰটো নিৰ্মাণ কাৰ্য্যৰ লগত জড়িত পকা মিস্ত্রীয়ে নিজৰ মুনাফা আদায় কৰিবৰ বাবে প্ৰয়োজনতকৈ বহু বেছি পৰিমানৰ অর্থ ব্যয় কৰা বুলি অভিযোগ কৰি কলটোৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত কলটোৰ অধ্যক্ষ গৰাকীক নিজা উদ্যোগত অশেষ কষ্ট কৰি কলটোলৈ আৱন্টন দিয়া ঋণ ৰাশিৰ অপচয় ৰোধৰ স্বাৰ্থত উচিৎ তদন্ত কৰি দোষী ব্যক্তি সকলৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী‌ জনায়।

ক্ষুব্ধ কৰ্মচাৰী সকলে লগতে আশা প্ৰকাশ কৰে যে, ভাৰতৰ একমাত্ৰ সমবায় খণ্ডৰ মৰাপাট উদ্যোগটো দুর্নীতি মুক্ত কৰি মিলটোৰ লগত জড়িত ১০০০ জন থলুৱা শ্রমিক, বিষয়াৰ কৰ্মজীৱন সু-নিশ্চিত কৰাৰ লগতে স্থানীয় অর্থনৈতিক ব্যৱস্থাৰ অটুত ৰাখক। এতিয়া কথা হ'ল কলিয়াবৰৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাত বলিষ্ঠ ভূমিকা পালন কৰি অহি শেষ ভৰষাৰ থলী শিলঘাটৰ মৰাপাট কলটোৰ উন্নয়নৰ স্বাৰ্থত কলটোত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে আগতীয়াকৈ দুৰ্নীতিৰ সম্ভেদ পায় সংশ্লিষ্ট অধ্যক্ষ গৰাকীক তদন্তৰ দাবী জনোৱাৰ পাছত খোদ অধ্যক্ষ গৰাকীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

কাৰ স্বৈৰাচাৰীতাত চলে শিলঘাট মৰাপাট কল ? কৰ্মচাৰীৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ
চিবিচি গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in