চিবিচি গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন...

চিবিচি গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন...

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে কেন্দ্ৰীয় যোগাযোগ ব্যুৰো(CBC), আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ উদ্যোগত বজালীৰ জ্ঞানম পাব্লিক স্কুলত দুদিনীয়া ফটো প্ৰদৰ্শনী আৰু প্ৰচাৰ কাৰ্যসূচী আয়োজন কৰা হয়। যোগাসনৰ উপযোগিতাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাই এই প্ৰদৰ্শনীৰ মূল লক্ষ্য। এই লক্ষ্য ৰাখি বিদ্যালয়খনত যোগাসনৰ কাৰ্যসূচী আয়োজন কৰা হয় , য’ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আৰু যোগাসনত ভাগ লয়।

প্ৰদৰ্শনীখন উদ্বোধন কৰি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী ৰঞ্জন চক্ৰৱৰ্তীয়ে কয় যে, “আমি যোগক আমাৰ জীৱনৰ অংশ কৰি আমাৰ চহকী ঐতিহ্যক উদযাপন কৰিব লাগিব, কাৰণ ই আমাৰ স্বাস্থ্য আৰু মনক সমৃদ্ধ কৰে ।” তেওঁ আৰু কয় যে, "যোগক বিশ্বব্যাপী গ্ৰহণ কৰাটো আমাৰ দেশৰ বাবে গৌৰৱৰ বিষয়, কিয়নো যোগ আমাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ অবিচ্ছেদ্য অংগ।"

জ্ঞানম পাব্লিক স্কুলৰ অধ্যক্ষ শ্ৰী খনিন দাসে তেওঁৰ ভাষণত কয় যে, আমাৰ জীৱনত মানসিক চাপ হ্ৰাস কৰাৰ বাবে যোগৰ এক বৃহৎ অৱদান আৰু ইয়াৰ নিয়মীয়া অনুশীলন হৈছে এক সুস্থ আৰু ৰোগমুক্ত জীৱনৰ পদক্ষেপ। লগতে বজালীত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে তেওঁ চিবিচি গুৱাহাটীৰ পদক্ষেপৰ শলাগ লৈছে। তেওঁ আৰু কয় যে এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে যুৱ-প্ৰজন্ম যোগৰ উপকাৰিতাৰ বিষয়ে সচেতন হ’ব।

দুদিনীয়া প্ৰদৰ্শনীখনত যোগ আৰু ইয়াৰ উপকাৰিতাৰ ওপৰত বিভিন্ন তথ্যসমৃদ্ধ ফটো পেনেল প্ৰদৰ্শন কৰা হৈছে। এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কুইজ, কলাকে ধৰি যোগ বিষয়ক বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে চিবিচি, গুৱাহাটী অধীনস্থ ব্যক্তিগত পঞ্জীয়নভুক্ত দলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বহু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।

চিবিচি গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন...
স্কুলৰ পৰা ঘৰলৈ গৈ থকা পথতে নাবালিকাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in