ডিজিটেল সংবাদ,কামপুৰ : বিগত ২০২১ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ চামোলী জিলাত সংঘটিত হোৱা হিমস্খলনৰ ফলত শেষ হৈ গ'ল কামপুৰৰ এটা পৰিয়াল। সেই দুৰ্ভাগ্যজনক ঘটনাটোত কামপুৰৰ উত্তৰ চাংচকীৰ একেঘৰৰে দুজনকৈ যুৱক সন্ধানহীন হৈছিল।
সন্ধানহীন দুই যুৱকৰ আজিলৈকে চৰকাৰীভাৱে পৰিয়ালটোৱে কোনো সহায়-সহযোগিতা লাভ নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে। উল্লেখ্য যে ২০২১ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ চামোলী জিলাৰ হিমস্খলনৰ ফলত হোৱা কৃত্ৰিম বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল।
চামোলীৰ কৃষিগংগা প্ৰকল্পস্থলীতো প্ৰভাব পেলোৱা এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ২৮ বছৰীয়া কমল দাস আৰু ১৯ বছৰীয়া অমৰ জ্যোতি দাস নামৰ দুজন যুৱক সন্ধানহীন হয়। এই দুই যুৱক যৌশীমঠত অৱস্থিত ওম মেটেল ইনফ্রা প্ৰজেক্ট লিমিটেডৰ ৰেডিয়েল গোট প্লাণ্ট ৩ ত কৰ্মৰত আছিল।
পৰিয়ালে জনোৱা মতে কৰ্মৰত অৱস্থাতে ২০২১ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হয়। সন্ধানহীন যুবকদ্ধয়ৰ পৰিয়ালে দাখিল কৰা চৰকাৰী নথি অনুসৰি তেওঁলোকে নগাঁও জিলাৰ কামপুৰ ৰাজ চক্ৰৰ অন্তগত গৰুবাট মৌজাৰ দক্ষিণ চাংচকী ডাকঘৰৰ অন্তগত উত্তৰ চাংচকী গাঁৱৰ বাসিন্দা আছিল।
কমল দাসৰ মাতৃ দীপালি দাস আৰু পত্নী ফুলমতি ডালু দাসে দাখিল কৰা শেহতীয়া উক্তি অনুসৰি পৰিয়ালটোৱে আজিলৈকে নিৰুদ্দেশ হোৱা কমল দাস আৰু অমৰ জ্যোতি দাস নামৰ দুজন যুৱক সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই। শোকত ভাগি পৰা দুই যুৱকৰ পৰিয়ালে এতিয়াও যুৱক দুজনৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে।
উল্লেখযোগ্য যে, স্বামী লগতে আন এজন পুত্ৰক পূৰ্বতে হেৰুৱা দীপালী দাসে দুই পুত্ৰক হেৰুৱাই এক দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে। আনৰ ঘৰত হাজিৰা কৰি বজাৰত কচু বেছি দিন অতিবাহিত কৰিছে বৃদ্ধা মহিলা গৰাকীয়ে।
একেদৰেই দিন অতিবাহিত কৰিছে দুৰ্ভগীয়া কমল দাসৰ পত্নী ফুলমতি ডালু দাসে।আঢ়ৈ বছৰীয়া এটি কন্যা সন্তুান বুকুত বান্ধি দিন পাৰ কৰিছে।