ৰাঙলুত গৰুসহ দুজন চোৰক আটক

দুয়োটা বলধ গৰু চুৰি কৰি আনিছিল বুলি দুই চোৰে স্বীকাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে দুই চোৰক গ্ৰেপ্তাৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
ৰাঙলুত গৰুসহ দুজন চোৰক আটক

ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ ৰাঙলু আৰক্ষী আৰু ৰাঙলু গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই দুটা বলধ গৰু জব্দ কৰাৰ লগতে দুজন চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। জানিব পৰামতে সোমবাৰে সন্ধিয়া ৰাঙলু নতুন বজাৰস্থিত কচাইখানাত দুয়োটা গৰু বিক্ৰী কৰিব অনা অৱস্থাত স্থানীয় গাঁওৰক্ষী বাহিনীৰ সন্দেহ হোৱাত গৰু আৰু চোৰ দুটাক আটক কৰি আৰক্ষীক খবৰ দিয়ে।

পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দিলদাৰ হুছেইন আৰু আনাৰুল ইছলামক দুটা বলধ গৰু আৰু এখন AS-02 -DC 1367 নম্বৰৰ ডি আই গাড়ীসহ আটক কৰে। দুয়োটা চোৰৰ ঘৰ লাহৰীঘাটতত বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সোধা-পোছাৰ অন্তুত লাহৰীঘাট ধুপগুৰীৰ ইনচান আলিৰ দুয়োটা বলধ গৰু চুৰি কৰি আনিছিল বুলি দুই চোৰে স্বীকাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে দুই চোৰক গ্ৰেপ্তাৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

ৰাঙলুত গৰুসহ দুজন চোৰক আটক
গুৱাহাটী প্ৰেছ ক্লাবত পদুমী গগৈৰ উপন্যাস চ্চাওফা উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in