নগাঁও কলেজ (অট’নমাচ)ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

নগাঁও কলেজ (অট’নমাচ)ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

ডিজিটেল সংবাদ,নগাঁও : “অতীতেই ঐতিহ্য“ - বুলি নগাঁও কলেজ (অট’নমাচ)ত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ৰাজীৱ সন্দিকৈয়ে মত প্ৰকাশ কৰে। অধ্যাপক সন্দিকৈয়ে উত্তৰ-পূর্বাঞ্চলৰ বৰ্ণাঢ্য ঐতিহ্যৰ কথা উল্লেখ কৰি কয় যে এই ঐতিহ্য সংৰক্ষণ কৰিবৰ কাৰণে সকলোৱে গুৰুত্ব দিয়া উচিত।

গোলকীকৰণৰ প্ৰভাৱত ঐতিহ্যক বহুতে পণ্য কৰাৰ বাবে এই বিষয়ত তেওঁ নিজৰ উদ্ৰেক প্ৰকাশ কৰে। সংস্কৃতিৰ লগত আৰু প্ৰকৃতিৰ লগত জড়িত ঐতিহ্য সংৰক্ষণৰ কাৰণে ইউনেস্কই লোৱা ভূমিকাক অধ্যাপক সন্দিকৈয়ে প্ৰশংসা কৰে।

ভাৰতীয়সকলৰ তুলনাত পশ্চিমৰ ইংলেণ্ড বা আমেৰিকাত ঐতিহ্য সংৰক্ষণ কৰিবৰ বাবে সকলো স্তৰৰ জনগণ জড়িত হয়। লগতে সাংস্কৃতিক ঐতিহ্যই উত্তৰ-পূবৰ সামাজিক, অৰ্থনৈতিক পৰিচয় বহন কৰে বুলি উল্লেখ কৰে।

শুকুৰবাৰে নগাঁও কলেজ (অট’নমাচ)ৰ বুৰঞ্জী বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সহযোগত ‘আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক ঐতিহ্যঃ প্ৰত্যাহ্বান আৰু সুযোগ’ শীৰ্ষক বিষয়ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। দুদিনীয়াকৈ আয়োজিত আলোচনা চক্ৰখনিৰ আঁত ধৰে নগাঁও কলেজ (অট’নমাচ)ৰ ছাত্ৰী ভাৱনা দাসে।

আনহাতে উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ভাষণত ড০ বৰকটকীয়ে উদ্বোধক,মুখ্য বক্তা,অংশগ্ৰহণকাৰী সকলোকে আদৰণি জনাই আৰু এই আলোচনা চক্ৰখনিয়ে উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা কৰাত মাৰ্গ দৰ্শন কৰিব বুলি উল্লেখ কৰে।

মুখ্য বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কলা আৰু সমাজ বিজ্ঞান শাখাৰ গুৰু প্ৰদীপ জ্যোতি মহন্ত। তেওঁ ভাৰতৰ উত্তৰ-পূর্বাঞ্চল সাংস্কৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ বুলি উল্লেখ কৰে।

অধ্যাপক মহন্তই সংস্কৃতি শব্দৰ তাৎপৰ্য ব্যাখ্যাৰে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ আভাস আগবঢ়ায়। প্ৰসঙ্গক্ৰমে তেওঁ সাংস্কৃতিক ঐতিহ্য বিপন্ন হোৱাৰ কাৰকৰ কথা উল্লেখ কৰে।

সাংস্কৃতিক ঐতিহ্যক বহনক্ষম কৰি তুলিবৰ বাবে শিক্ষক, গৱেষক তথা শিক্ষানুষ্ঠানে আহিলা হিচাপে কাম কৰিব পাৰে বুলি উল্লেখ কৰে। লগতে সামাজিক জীৱন চৰ্যাৰ সমলপুষ্ট বিভিন্ন ঐতিহ্যৰ কথা ব্যাখ্যা কৰে।

সাংস্কৃতিক ঐতিহ্যৰ চেতনাৰ প্ৰসংগত সাংস্কৃতিক ঐতিহ্যই স্বাধীনতা সংগ্ৰামত লোৱা ভূমিকাৰ কথা ব্যক্ত কৰে। নাগপুৰ মহাৰাষ্ট্ৰৰ জ্ঞান সমল কেন্দ্ৰৰ (Knowledge resource centre) সঞ্চালক ড০ ভুজঙ ৰামৰাও ব’বাদে মুখ্য বক্তা হিচাপে উপস্থিত থাকি এক ৰাষ্ট ভাবনাৰ দ্বাৰা কেনেদৰে সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰিব পাৰি সেই সম্পৰ্কে মত প্ৰকাশ কৰে।

সঞ্চালক ড০ ৰামৰাৱে সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে প্ৰকৃতিৰ সৈতেও সমন্বয় ৰক্ষা কৰিব লাগে বুলি কৈ প্ৰাকৃতিক সমলৰ ভোগৰ প্ৰসংগ উল্লেখ কৰে। লগতে ভাৰ্চুৱেল সংগ্ৰাহালয় নিৰ্মাণ কৰি সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰিবৰ বাবে সকলোকে আহ্বান জনায়।

দুদিনীয়াকৈ আয়োজিত আলোচনা চক্ৰৰ আহ্বায়ক তথা বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা ড০ অৰণি শইকীয়াই আলোচনা চক্ৰখনৰ উদ্দেশ্য সম্পৰ্কে অৱগত কৰে। উদ্বোধনী অনুষ্ঠানত অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

৭টা কাৰিকৰী সত্ৰত গৱেষণা পত্ৰ পাঠ কৰাৰ বাবে অৰ্ধ শতাধিক আলোচনা পত্ৰসহ শতাধিক গৱেষকে পঞ্জীয়ন কৰে। অনুষ্ঠানৰ শেষত বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা শিৰোমণি হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায়। ইফালে শনিবাৰে এই আলোচনা চক্ৰখনৰ অন্ত পৰিব।

নগাঁও কলেজ (অট’নমাচ)ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
ভূটানৰ ৰজাক আদৰিবলৈ সাজু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in