
ডিজিটেল সংবাদ,কাজিৰঙা : ৩দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংচুক। শুকুৰবাৰে গুৱাহাটীস্থিত গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমানবন্দৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰীৰ সৈতে ভূটানৰ ৰজা নামগ্যাল ৱাংচুক উষ্ম আদৰণি জনায়।
শনিবাৰে প্ৰকৃতিৰ ৰম্যভূমিত বিভোৰ হ’বলৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৰজা উপস্থিত হ’বহি কাজিৰঙাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাত উপস্থিত হৈ জীপ ছাফাৰী কৰিব ভূটানৰ ৰজাগৰাকীয়ে।
ইয়াৰ পাছতে কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত বিভাগীয় ৩০ টা হাতীক গা ধুওৱাৰ মনোৰম দৃশ্য উপভোগ কৰিব ৰজা নামগ্যাল ৱাংচুকসহ পৰিয়ালে ৷ ইয়াৰ পাছত সন্ধিয়া কাজিৰঙাৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ সমীপত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিব ভূটানৰ ৰজাগৰাকীয়ে ৷
নিশাৰ ভাগত কাজিৰঙাৰ আয়ৰা হোটেলত ৰাজ পৰিয়ালে নৈশ যাপন কৰিব বুলি জানিব পৰা গৈছে ৷ দুদিনীয়া ভ্ৰমণসূচীলৈ কাজিৰঙাত উপস্থিত হ’বলগীয়া ভূটানৰ ৰজাক আদৰিবলৈ ইতিমধ্যেই সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ভিন্ন বিভাগ।