নগাঁৱৰ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত...

নগাঁৱৰ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত...
নগাঁৱৰ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত...

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই দুজন কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কনুৱামাৰীৰ পৰা ডকাইত দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ডকাইত দুজন হ'ল ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাটৰ বাহাৰুল ইছলাম (৩০) আৰু চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কনুৱামাৰীৰ মোজামিল হুছেইন(২০)। আজি এই কথা নগাঁৱত সদৰি কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই।

আৰক্ষীয়ে এই সন্দৰ্ভত চামগুৰি থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১/৪২৭/৩২৬/ ৩০৭/৩৯২/৩৪ ধাৰাত ৩৬/২৪নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে অধিক তথ্য আহৰনৰ বাবে জেৰা চলাই আছে। উল্লেখ যে ২ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটীৰ পৰা আঠমঙলা খাই গোলাঘাট জিলাৰ সৰুপথাৰৰ নিজৰ ঘৰলৈ ইনভা বাহনত আহি থকা অৱস্থাত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মিছা ৰৌমাৰীত ৩৭নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথত ৫/৬জনীয়া ডকাইতৰ দলে বাহনখনৰ যাত্ৰীসকলক আক্ৰমণ কৰে।

ফলত বাহনখনৰ তিনিজন যাত্ৰী আহত হয়। বাহনখনত থকা এগৰাকী মহিলাৰ অলংকাৰ কাঢ়ি নিয়াৰো চেষ্টা চলাইছিল। এই সন্দৰ্ভত আৰক্ষীয়ে দেওবাৰে নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাকৰঘাটৰ পাপু বৰা, ছৰিফুল ইছলাম আৰু মাহমুদ হুছেইনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে এওঁলোকৰ পৰা এ এছ ২৩ এন ৬১৭৭ নম্বৰৰ চাৰিচকীয়া বিলাসী বাহন জব্দ কৰাৰ লগতে ১ লাখ ৮০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি ডকাইতৰ দলটোৱে হাইজেক কৰা এ এছ ০২চি চি ৭৫৬১ নম্বৰৰ যোদ্ধা বাহনখনো জব্দ কৰে। এই ঘটনাৰ মূল অভিযুক্ত ৰচিদুল হক পলাতক অৱস্থাত আছে। আৰক্ষীয়ে ৰচিদুলক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

নগাঁৱৰ আৰক্ষীৰ জালত দুই কুখ্যাত ডকাইত...
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in