/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/5680cc04-f12f-4ec3-88df-a7105a9bdb2d/182.jpg)
ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচীৰে ৩ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৪ফেব্ৰুৱাৰীত খানাপাৰাত প্ৰধানমন্ত্ৰী মোডীয়ে এক বিশাল সভাত অংশ ল'ব।
সেই সভাৰ পৰাই মোডীয়ে ভাৰ্চুৱেলী কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত আছে যোৰহাটত নিৰ্মাণ কৰি থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিও।
এই প্ৰকল্প আৰু আঁচনিসমূহ ১১ হাজাৰ কোটি ব্যয়ৰে ৰূপায়ণ কৰা হ'ব। শনিবাৰে সন্ধিয়া মোডী গুৱাহাটীত উপস্থিত হ'বহি। সেইদিনাই তেওঁ এক ৰোডশ্ব'তো অংশ লোৱাৰ সম্ভাৱনা আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী হিচাপে এই কাৰ্যকালৰ এইটোৱেই হ'ব অসমলৈ অন্তিম ভ্ৰমণ।
মোডী ভ্ৰমণৰ প্ৰাক্-মুহূৰ্তত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনাৰে সচিবালয়ত উচ্চ পদস্থ বিষয়াৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবালানি আলোচনাত মিলিত হৈছে।