/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3a36a458-1a7f-4258-b1a6-f8f7beeea6a0/175.jpg)
ডিজিটেল সংবাদ,নগাঁও : মঙ্গলবাৰে নগাঁও জিলাৰ পুথিভঁৰালত নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বিশাল কৰ্মী সভাৰ। উক্ত সভাত নগাঁও জিলাৰ প্ৰায় দুই সহস্ৰাধিক তৃণমূল কংগ্ৰেছৰ সমৰ্থকে ভিৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7a82993b-cd3d-46b2-b368-0e1692b4c7e3/404902289_916054603214824_229306410741604939_n.jpg)
সভাত অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, নগাঁও জিলা তৃণমূল কংগ্ৰেছেৰ সভাপতি ময়ুৰ মজুমদাৰকে ধৰি ভালেসংখ্যক জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয় ববীয়া উপস্থিত থাকে। উক্ত কৰ্মী সভাত ৰিপুন বৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰাৰ লগতে বদৰুদ্দিন আজমলৰ শেহতীয়া কাৰ্যকলাপক কঠোৰ ভাষাৰে নিন্দা কৰে। লগতে বদৰুদ্দিন আজমলক বিজেপিৰ এজেন্ট আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজমলক মামা-চাচা হিচাপে অভিহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6b9dd6f8-92a3-4a06-98d2-cea72ca09291/404546169_916054656548152_6056047030399440381_n.jpg)
হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে দিনত দুয়োজনেই দুয়োজনক সমালোচনা কৰে যদিও ৰাতি হ'লেই দুয়ো একেলগে গোপন মেলত মিলিত হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ৰিপুন বৰাৰ মতে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ এই গোপন অভিসন্ধি সাধাৰণ ৰাইজক এতিয়া আৰু জনোৱাৰ প্ৰয়োজন নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c49240d2-f14c-4f2c-848e-261a56ebfc50/404885286_916056223214662_3836285224745770059_n.jpg)
সাধাৰণ ৰাইজে ইতিমধ্যে এই দুয়োজনৰেই সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা ৰাজনীতিৰ বিষয়ে অৱগত বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। তাৰোপৰি মমতা বেনাৰ্জীৰ উদাহৰণ দাঙি ধৰি কয় যে পশ্চিম বংগত বিজেপিক মমতা বেনাৰ্জীয়ে ঢোকে ঢোকে পানী খুৱাইছে। গতিকে তৃণমূলৰ শক্তি কিমান সেয়া বিজেপিয়ে জানে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5dd62eed-f48b-4510-8550-c8e0e06cf9a9/404582331_916056343214650_7987261146398793932_n.jpg)
বৰ্তমান বিৰোধী ঐক্য I N D I Aক লৈ বিজেপি শংকিত। ২০২৪ ত সমূহ সন্মিলিত শক্তিৰ জৰিয়তে চিৰদিনৰ বাবে বিজেপিক শাসনৰ মচনদৰ পৰা ওফৰাই পেলোৱা হ'ব বুলিও ৰিপুন বৰাই মন্তব্য আগবঢ়ায়। আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে অসমত গঠিত বিৰোধী ঐক্যত তৃণমূল কংগ্ৰেছে ৫ খন আসন বিচাৰিলেও শেষত ঐক্যই যি সিদ্ধান্তই গ্ৰহণ কৰে তাকে মানি ল'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d205a059-706c-4bcf-be2f-01b6a7580cb0/404901649_916056629881288_4687793374350868826_n.jpg)
Also Read: নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ অচ্যুত গোস্বামীৰ বিয়োগ : এইমছত দেহদান