/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c0c7b8c3-4e83-4f84-8c9a-6303cea8c906/543.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : "বটদ্ৰৱা থানলৈ আহি, এনেকুৱা লাগিল যেন শ শ বছৰ পুৰণি অনুভৱত বুৰ গলো।" এই মন্তব্য পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। বুধবাৰে নিশা বটদ্ৰৱা থানত সেৱা লৈ মন্ত্ৰীগৰাকীয়ে লগতে কয়- "বটদ্ৰৱালৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/7548e26d-394f-419e-9797-98f8533c864b/03fad1f9_028a_401e_9037_c074150d1f18.jpg)
আমি যিমানেই চেষ্টা নকৰো তেওঁৰ কৃপা বিনে কোনো সম্ভৱ নহয়। আমাৰ বাট পথত যাতে দুৰ্ঘটনাত নাইকিয়া হয় তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাৰে কৰিছোঁ। আমি চৰকাৰত আছোঁ আৰু নিশ্চিতভাৱে ৰাইজৰ হৈ কাম কৰিব পাৰোঁ তাৰ বাবে আৰু আমাৰ ল'ৰা-ছোৱালী, আমাৰ পিতৃ-মাতৃ যাতে সুৰক্ষিত হৈ থাকে। তাৰ বাবে আমি প্ৰাৰ্থনা কৰিলোঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/aa6fbb35-2400-4e84-92d6-1c6a5c03f360/ffb5340f_c7a3_44f8_add7_2a34e32d62ac.jpg)
মহাপুৰুষ শংকৰদেৱে সমাজক এটা পথ দেখুৱাইছিল, যি পথে মানুহ মানৱীয় দৃষ্টিৰে দিব পাৰে। আমি আশীৰ্বাদ বিচাৰি যি ঠাইত আহিছোঁ, এই ঠাইত ৰাজনীতি, সমাজনীতি একাকাৰ হৈ পৰিছে।" বুলি মন্তব্য কৰে। শেষত তেওঁ ৰাইজৰ ওচৰত বিনম্ৰ প্ৰাৰ্থনা কৰে যাতে সকলোৱে ট্ৰেফিক আইন মানি চলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f6dabc11-c6b4-4895-8d7b-6be1260d448a/a242d10c_3e31_440e_8363_c1790bf329bc.jpg)
উল্লেখযোগ্য যে, পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি ৰাইজৰ মাজত পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে মটৰচাইকেল চলাই নগাঁও জিলাৰ কেইবাঠাইতো অভিযান চলোৱাৰ পাছত নিশা বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ebef8dd5-ec48-4da4-b622-92470dc0dc47/462a5b95_7d51_4ef4_b9c6_5f76e1c28e39.jpg)
Also Read: সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী আৰু কবি ৰূপালী বসুমতাৰীৰ গ্ৰন্থ উন্মোচন