/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/0932f671-ff35-4911-9d26-16f24474448c/542.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ডিফুৰ লুৰুলাংছস্থিত ৰাংছিনা চাৰপ' সাংস্কৃতিক ভৱনত বুধবাৰে হাওৰাঘাটৰ সাংবাদিক, লেখক ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী' আৰু বিশিষ্ট কবি ৰূপালী বসুমতাৰীৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে ' শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট কবি তথা সাংবাদিক শৰৎ পাটৰে আঁত ধৰা অনুষ্ঠানত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে ধৰ্মেন্দ্ৰ খাখলাৰীৰ 'মহৎ লোকৰ অমৃত বাণী' গ্ৰন্থ উন্মোচন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f67991a8-ee82-4b26-b2f5-90bb0829def0/edfa792e_00c2_4b41_8c94_ed6f50c13c49.jpg)
বিপৰীতে ৰূপালী বসুমতাৰীৰ 'বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে ' শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰে 'অস্তিত্বৰ সময়'ৰ কবি লক্ষেশ্বৰ শৰ্মাই । এই দুখনকৈ গ্ৰন্থ উন্মোচনী গাম্ভীৰ্যপূৰ্ণ সভাত সমাজকৰ্মী তথা ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং,কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে সূৰ্য ৰংফাৰ আৰু কাংবুৰা কিলিং উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cabc188f-e3be-429b-a8d6-8f2a2201fa81/729ddbc9_89ab_487c_83c4_9af8cae448d4.jpg)
এই সভাত কাৰ্বি আংলং জিলাৰ হাওৰাঘাট,লাংহিন, বকলীয়াঘাট, মাঞ্জা, বোকাজান, ডিফু আৰু পশ্চিম কাৰ্বি আংলঙৰ শতাধিক কবি, সাহিত্যিক, লেখক, সাংবাদিক উপস্থিত থাকে । ইয়াৰোপৰি শিশু সাহিত্য অকাডেমি বঁটা বিজয়ী ৰত্নেশ্বৰ নাৰ্জাৰী, বালিমাহি খ্যাত কবি তথা পদ্মশ্ৰী ধনেশ্বৰ ইংতি, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোচ, বিশিষ্ট লেখক,কবি ভৱপ্ৰসাদ দেউৰী, বিশিষ্ট লেখক পবিত্ৰ বৰা, বিশিষ্ট কবি থানেশ্বৰ গয়াৰী, কাৰ্বি লামমেত আমেইৰ সম্পাদক জয়ছিং টকবি, জেষ্ঠ সাংবাদিকদ্বয় নগেন বৰা, মুকুল বৰুৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী সাবিত্ৰী গগৈ, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এৎ হাঞ্চে, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক দিগন্ত বৰা আদি উপস্থিত থাকে ।
Also Read: ভুলুকিটিং চাহ বাগিচাত চুলাই মদৰ ঘাটি উচ্ছেদ