মায়ং আঞ্চলিক মহাবিদ্যালয়ত উদ্যমিতা আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ

মায়ং আঞ্চলিক মহাবিদ্যালয়ত উদ্যমিতা আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ

author-image
Asomiya Pratidin
New Update
মায়ং আঞ্চলিক মহাবিদ্যালয়ত উদ্যমিতা আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ

মায়ং আঞ্চলিক মহাবিদ্যালয়ত উদ্যমিতা আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী বিশ্ব কৰ্মা আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ অধীনত আই আই ইৰ সহযোগত উদ্যমিতা আৰু দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। যোৱা ২০ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰ আজিও চলি আছে।

Advertisment

মহাবিদ্যালয়খনৰ অধ্যয়নৰত একাংশ ছাত্ৰ-ছাত্ৰীৰ উপৰিও জিলাখনৰ লাহৰীঘাট, মৈৰাবাৰী,আহতগুৰি, ভুৰাগাও, জাগীৰোড, নেলী,মায়ং আদি বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ৩৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে কেন্দ্ৰটোত প্ৰশিক্ষণ লৈ আছে। মাছ ধৰা জাল প্ৰস্তুত, কাপোৰ চিলোৱা দৰ্জী আৰু ৰাজ মিস্ত্ৰীৰ প্ৰশিক্ষণ দি থকা হৈছে।

এই প্ৰশিক্ষণ ২০২৮ চনলৈ চলি থাকিব বুলি জানিবলৈ দিয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰশিক্ষণৰ নেতৃত্ব বহন কৰা ড০ মহানন্দ বৰাই। ড০ উৎপল নাথৰ তত্বাৱধানত আৰু সহযোগী সমন্বয়ক মনজিৎ ডেকাৰ প্ৰচেষ্টাত চলি থকা প্ৰশিক্ষণ শিবিৰটো তিনিটা ভাগত বিভক্ত কৰি প্ৰশিক্ষণসমূহ দি থকা হৈছে।

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত আচাৰ প্ৰস্তুত, বিস্কুট প্ৰস্তুত আৰু পৰ্যটন কেন্দ্ৰীক প্ৰশিক্ষণ চলি আছে। উল্লেখযোগ্য যে মায়ং আঞ্চলিক মহাবিদ্যালয়খনে যোৱা বৰ্ষত নাকৰ পৰিদৰ্শনত এ+ গ্ৰেড লাভ কৰিব লৈ সক্ষম হৈছে। তাৰ পিছতো থমকি ৰোৱা নাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মহানন্দ বৰা।

মহাবিদ্যালয়খনক উন্নতিৰ শিখৰলৈ লৈ যাবলৈ ইটোৰ পিছত সিটো সহযোগী পাঠ্যক্ৰম হাতত লৈ আহিছে।বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন লেখত ল'বলগীয়া মহাবিদ্যালয় হিচাপে গঢ়ি তোলাৰ সপোন আছে অধ্যক্ষ মহানন্দ বৰাৰ।

পিছে এমাহ পিছতেই মায়ং আঞ্চলিক মহাবিদ্যালয়ত অধ্যক্ষৰ কাৰ্যকাল পৰিসমাপ্তি হ'বলগা অধ্যক্ষ ড০ মহানন্দ বৰাৰ কাৰ্যকাল কিছু বৃদ্ধি কৰিবলৈ শিক্ষা মন্ত্ৰীৰ কাষ চপাৰ কথা ভাবিছে মায়ঙৰ ৰাইজে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যি উদ্দেশ্য আৰু লক্ষ্য তাক সাকাৰ ৰূপ দিবলৈ অধ্যক্ষগৰাকীয়ে যতপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

Also Read: কামপুৰৰ কচুৱাত মাটিৰ দালালৰ দপদপনিঃ আকৌ আৰক্ষীয়ে চলাবনে অভিযান?

মায়ং আঞ্চলিক মহাবিদ্যালয়